ETV Bharat / state

বৰপেটা চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Mar 23, 2020, 6:39 PM IST

হাস্পতাল কৰ্তৃপক্ষক নীতি-নিৰ্দেশনা প্ৰদান
বৰপেটা চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ

বৰপেটা চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষক নীতি-নিৰ্দেশনা প্ৰদান ৷

বৰপেটা, 23 মাৰ্চ : ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযূষ হাজৰিকা আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিৱ সমীৰ সিনহাক লগত লৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ ৷ হাস্পতালখনত শেহতীয়াকৈ প্ৰৱৰ্তন কৰা আইছ'লেচন আৰু স্ক্ৰীনিং টেষ্ট ব্যৱস্থাৰ বুজ লোৱাৰ লগতে হাস্পতালখনৰ মুখ্য অধীক্ষক, চিকিৎসক আৰু চিকিৎসা কৰ্মীৰে মত বিনিময় কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষক বিভিন্ন নীতি-নিৰ্দেশনা প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ

বিপদৰ সময়ত হাস্পতালখনৰ চিকিৎসক-কৰ্মীক বৰপেটা এৰি নাযাবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ পৰীক্ষাগাৰক আইচিএমআৰৰ স্বীকৃতি দিয়া হ'ব বুলি আশা কৰাৰ লগতে বৰপেটাতে স্ক্ৰীনিং কৰিব পৰা যাব বুলি মন্ত্ৰী ড0 শৰ্মাই ঘোষণা কৰে ৷ নামনি অসমত জনবসতি বহু বেছি হোৱাটো বিপদৰ এটা কাৰণ হ'ব পাৰে বুলিও মন্তব্য কৰে ড0 শৰ্মাই ৷ ইয়াত সংক্ৰমিত হ'ব লাগিলে 5 মিনিটৰ ভিতৰতে দ্বিতীয় পৰ্যায় পাব বুলি মন্তব্য শৰ্মাৰ ৷ ইয়াৰ ফলত বৰপেটা মেডিকেল কলেজত 5 হাজাৰ ৰোগীক চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ

ইপিনে, বৰপেটা মেডিকেল কলেজত ইলেক্টিভ ছাৰ্জাৰীবোৰ বন্ধ কৰি ৰাখিবলৈও নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে ৷ বৰপেটা মেডিকেল কলেজত বহিঃ বিভাগৰ ৰোগী হ্ৰাস কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে সাধাৰণ ৰোগীক স্থানীয় চিকিৎসালয়লৈ যাবলৈ আহ্বান জনায় শৰ্মাই ৷ চিকিৎসকসকলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী 24 ঘন্টাই থাকিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সম্পৰ্কেও বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷

লক্ষ্যণীয়ভাৱে চিকিৎসকৰ বাবে প্ৰয়োজনীয় পিপিই কীট (Personal Protective Equipment) ৰ কাৰখানাসমূহ বন্ধ হৈ গৈছে আৰু ক'তো উপলব্ধ নোহোৱা বাবে সীমিত সামৰ্থ্যৰ মাজত আমি কাম কৰিব লাগিব বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ বিদেশ অথবা বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলক 14 দিনৰ বাবে ঘৰৰ ভিতৰত আছুতীয়াকৈ থকাত গুৰুত্ব আৰোপ কৰিবলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ আহ্বান ৷ অন্যথা নিজৰ পিতৃ-মাতৃ অথবা আত্মীয়ক হেৰুৱাবলগীয়া হ'ব পাৰে বুলি কয় তেওঁ ৷

আনহাতে বহিঃ ৰাজ্যৰ পৰা সোমবাৰে প্ৰায় দুহেজাৰ ৰেলযাত্ৰী অসমত উপস্থিত হ'ব ৷ ৰেলযাত্ৰীসকলক গুৱাহাটী ৰেল ষ্টেচনত স্ক্ৰীনিং কৰা হ'ব ৷ কোনো ৰেলযাত্ৰীৰ শৰীৰত ৰোগৰ লক্ষন ধৰা পৰিলে তেওঁলোকক গুৱাহাটীতে নিৰীক্ষনত ৰাখিব বুলিও মন্তব্য কৰে ড0 শৰ্মাই ৷ অসমত লকডাউন ঘোষণা সন্দৰ্ভত সোমবাৰে বিয়লি আহ্বান কৰা সংবাদ মেলতহে জনাব বুলি তেওঁ জানিবলৈ দিয়ে ৷

আৰু পঢ়ক : লক্ ডাউনৰ নিয়মাৱলীক গুৰুত্ব সহকাৰে ল‘বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.