ETV Bharat / state

বৰপেটাত আৰম্ভ খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 4:56 PM IST

বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত জানুৱাৰীৰ প্ৰথম দিনটোৰ পৰা আৰম্ভ হৈছে খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা ৷

district level khel maharan begins in barpeta
খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা

খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা

বৰপেটা, ১ জানুৱাৰী : অসম চৰকাৰৰ উদ্যোগত আয়োজিত খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা সোমবাৰৰ পৰা দুদিনীয়াকৈ বৰপেটা জিলাত অনুষ্ঠিত হৈছে । বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতা আজি মুকলি কৰে জিলা আয়ুক্ত আয়ুষ গাৰ্গে । উল্লেখ্য যে, সুপ্ত প্ৰতিভাধৰক তেওঁলোকৰ পাৰদৰ্শিতা প্ৰকাশৰ এখন মঞ্চ দিয়াৰ লগতে ৰাজ্যখনক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যে চৰকাৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এই খেল মহাৰণ অনুষ্ঠিত কৰা হৈছে ।

আজিৰ আয়োজনৰ সন্দৰ্ভত জিলা আয়ুক্ত গাৰ্গে কয় যে, জিলাখনৰ বিভিন্ন বয়সৰ প্ৰায় এক লাখ ৬০ হাজাৰ খেলুৱৈয়ে খেল মহাৰণত অংশগ্ৰহণ কৰিছে । তেওঁলোকক লৈ গাঁও পঞ্চায়ত-পৌৰসভা পৰ্যায়ত, তাৰ পাচত সমষ্টি পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত হয় । এনেদৰে স্তৰে স্তৰে বিজয়ী হৈ অহাসকলৰ মাজত জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । জিলা পৰ্যায়ৰ পৰাই ৰাজ্যিক স্তৰত বৰপেটা জিলাক প্ৰতিনিধিত্ব কৰিবলগীয়া দলটো গঠন কৰা হ’ব । গাৰ্গে সদৰী কৰা অনুসৰি, জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰায় এঘাৰশ খেলুৱৈয়ে ভাগ লৈছে । তেওঁলোকে ভলীবল, ফুটবল, কাবাডী আৰু খো খো প্ৰতিযোগিতাত ভাগ ল’ব । প্ৰসংগক্ৰমে গাৰ্গে জনায় যে, বৰপেটা জিলাত থকা চৰ অঞ্চলৰো ২০ হাজাৰৰ অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত ভাগ লয় ৷

বৰপেটা জিলাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো ভাগ ল’ব পৰা প্ৰতিযোগী ওলাব বুলি গাৰ্গে আশা ব্যক্ত কৰে । আনহাতে বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অনিল কুমাৰ দাসে অসম চৰকাৰৰ এনে প্ৰচেষ্টাক ধন্যবাদ জনাই কয় যে, সাংস্কৃতিক মহাসংগ্ৰাম, খেল মহাৰণ আদি প্ৰতিযোগিতাৰ জৰিয়তে সুপ্ত প্ৰতিভাবোৰক নিজকে আগবঢ়াই নিয়াৰ যি সুযোগ চৰকাৰে প্ৰদান কৰিছে সেয়া অতি গুৰুত্বপূৰ্ণ । জিলা পৰ্যায়ৰ প্ৰতিযোগিতা উপলক্ষে আয়োজিত অনুষ্ঠানত বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, অতিৰিক্ত জিলা আয়ুক্ত খনীন দাস, জিলা ক্ৰীড়া বিষয়া বিষ্ণু জ্যোতি কলিতা, বৰপেটা জিলা বিজেপিৰ উপ সভাপতি প্ৰদীপ দাসকে ধৰি বিভিন্নজন উপস্থিত থাকে ।

লগতে পঢ়ক : বঙাইগাঁও খেল মহাৰণৰ আৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.