বঙাইগাঁও খেল মহাৰণৰ আৰম্ভনি

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:39 PM IST

thumbnail

বঙাইগাঁও, ২৬ ডিচেম্বৰ : মঙলবাৰৰ পৰা বঙাইগাঁও জিলা ভিত্তিক খেল মহাৰণৰ শুভাৰম্ভ কৰা হয় ৷ এই খেল মহাৰণ বঙাইগাঁও বীৰঝৰা স্কুল খেলপথাৰত ২৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈকে চলিব ৷ মঙলবাৰে এই খেল মহাৰণৰ আৰম্ভণিতে বঙাইগাঁও জিলাৰ মাণিকপুৰ, বিদ্যাপুৰ আৰু অভয়াপুৰীৰ পৰা ক্ৰীড়াবিদসকলে খেল মহাৰণ শিখা লৈ পদযাত্ৰা কৰি বঙাইগাঁও বীৰঝৰা ফিল্ডত উপস্থিত হয় ৷ তাৰ পিচত ফিল্ডত থকা খেল মহাৰণৰ শিখা প্ৰজ্বলিত কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷

জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই খেল মহাৰণত বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰে । প্ৰথম দিনাৰ এই খেল মহাৰণৰ কাৰ্যসূচীত উপস্থিত থাকে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণী ভূষণ চৌধুৰী, জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়া আৰু জিলাৰ বিশিষ্ট ব্যক্তিসকল ।

লগতে পঢ়ক : দীপৰ বিলত জলক্ৰীড়াই সহস্ৰাধিক কৃষকৰ জীৱনলৈ নমাই আনিছে অমানিশা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.