ETV Bharat / state

কলগাছিয়াত জিলা ভিত্তিত নৱম দ্বিবা-নৈশ প্ৰাইজমানি দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা

author img

By

Published : Dec 13, 2020, 3:27 AM IST

badminton
badminton

কলগাছিয়া বেডমিণ্টন সমিতি আৰু ঈগল স্পৰ্টছ একাডেমীৰ উদ্যোগত কলগাছিয়া পশু চিকিৎসালয় চৌহদত জিলা ভিত্তিত নৱম দ্বিবা নৈশ প্ৰাইজমানি দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

জনীয়া, 13 ডিচেম্বৰ : কলগাছিয়াত জিলা ভিত্তিত নৱম দ্বিবা নৈশ প্ৰাইজমানি দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ শনিবাৰে শুভ উদ্বোধনী কৰা হয় । কলগাছিয়া বেডমিণ্টন সমিতি আৰু ঈগল স্পৰ্টছ একাডেমীৰ উদ্যোগত কলগাছিয়া পশু চিকিৎসালয় চৌহদত জিলা ভিত্তিত নৱম দ্বিবা নৈশ প্ৰাইজমানি দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হয় । খেলখন শুভ উদ্বোধন কৰে অভয়াপুৰীৰ উপ আৰক্ষী অধীক্ষক হেমেন দাসে ।

badminton
দ্বিবা-নৈশ প্ৰাইজমানি দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা

তাৰোপৰি নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ এম মোজাম্মেল হুছেইন, সমাজকৰ্মী খণ্ডকাৰ আশ্ৰাফুল মামুন উপস্থিত থাকি বক্তব্য আগবঢ়াই । এই অনুষ্ঠানত নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ফকৰুল আলমে এই খেলৰ জৰিয়তে অঞ্চলৰ যুৱক সকলৰ যাতে প্ৰতিভা বৃদ্ধি পায় আৰু তেওঁলোকে আগন্তুক দিনত অসম বা ৰাষ্ট্ৰীয় ভিত্তিত ভৰ্তি হ"ব পাৰে তাৰ বাবে সুপৰামৰ্শ আগবঢ়ায় ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ গৃহ চহৰত আছুৰ গণ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.