ETV Bharat / state

Death threat to Minor Girl:কিশোৰীৰ ফটো সংলগ্ন কৰি সামাজিক মাধ্যমত অশ্লীল মন্তব্য যুৱকৰ

author img

By

Published : Jul 25, 2023, 7:35 PM IST

প্ৰেমৰ প্ৰস্তাৱ অমান্য কৰাৰ বাবে সামাজিক মাধ্যমত এগৰাকী ছাত্ৰীৰ ফটোত অশ্লীল মন্তব্য যুৱকৰ ৷ কিশোৰী, পিতৃ-মাতৃকো হত্যাৰ ভাবুকি যুৱকৰ ৷ উপায়ন্তৰ পৰিয়ালটোৱে আৰক্ষীক অৱগত কৰিছে ৷

Death threat to Minor Girl
কিশোৰীৰ ফটো সংলগ্ন কৰি সামাজিক মাধ্যমত অশ্লীৰ মন্তব্য যুৱকৰ

জনিয়া,25 জুলাই: প্ৰেমৰ প্ৰস্তাৱ অমান্য কৰাৰ বাবে সামাজিক মাধ্যমত এগৰাকী ছাত্ৰীৰ ফটোত অশ্লীল মন্তব্য যুৱকৰ ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত চলচলীয়া গাঁৱত । জানিব পৰা মতে এমাহৰ পূৰ্বে যুৱকজনে কিশোৰীজনীৰ সৈতে একেলগে ফটো তুলিছিল ৷ ফটো তোলাৰ কেইদিনমানৰ পাচতে কিশোৰীগৰাকীক ভালপোৱাৰ প্ৰস্তাৱ দিয়ে যুৱকজনে।

কিন্তু কিশোৰীজনীয়ে বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ৷ ফলত ২১ জুলাইত যুৱকজনে এটা একাউন্টৰ পৰা সামাজিক মাধ্যমত বিশেষ ফটোখনৰ লগতে অশ্লীল কথা লিখি আপলোড কৰিছিল ৷ সেই বিশেষ ফটোখন পাচত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷ আনহাতে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে যুৱকজনৰ কৰ্ম কাণ্ডৰ কথা অৱগত কৰিছিল যুৱকজনৰ পিতৃ-মাতৃক ৷ পুত্ৰক শাসন কাৰ বিপৰীতে কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ অভিযোগক গুৰুত্বই নিদিলে যুৱকজনৰ পিতৃ-মাতৃয়ে ৷ এই অভিযোগ উত্থাপন কৰে ভুক্তভোগী কিশোৰীৰগৰাকীৰ অভিভাৱকে ৷

ইফালে বিদ্যালয়লৈ যোৱাৰ সময়ত কিশোৰীগৰাকীক যুৱকজনে মৃত্যুৰ ভাবুকি দিয়াৰো অভিযোগ উঠিছে ৷ সেয়ে উপায়ন্তৰ হৈ কিশোৰীজনীৰ পিতৃ-মাতৃয়ে ন্যায় বিচাৰি সৰভোগ আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । কিশোৰীগৰাকীৰ অভিভাৱকৰ অভিযোগ, ’’ যুৱকজন ঘৰৰ ওচৰৰে ৷ চিনাকী সূত্ৰে যুৱকজনৰ লগত ফটো উঠিছিল ৷ কিন্তু সেই ফটো অপব্যৱহাৰ কৰিছে ৷ বাৰে বাৰে যুৱকজনক বিয়াৰ বয়স হোৱা নাই বুলি কলেও নুশুনে ৷ বৰঞ্চ আমাক হত্যা কৰিম বুলি ভাবুকি দিয়ে যুৱকজনে ৷ সেয়ে আৰক্ষীৰ কাষ চাপিচো ৷ তাইৰ বিয়াৰ বয়স হোৱা নাই ৷ কেনেকৈ বিয়া দিম !’’

লগতে পঢ়ক:Chattisgarh Model in Assam: গুজৰাট নহয়; ছত্তিশগড়ৰ আৰ্হি গ্ৰহণ কৰিব ৰণজিৎ দাসৰ যোগান বিভাগে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.