ETV Bharat / state

বৰপেটাত জব্দ প্ৰায় এক কোটি টকা

author img

By

Published : Mar 21, 2021, 10:31 PM IST

বৰপেটা বিধানসভা সমষ্টিত ৪১ লাখ টকা, সৰভোগ সমষ্টিত ৩০ লাখ, চেঙাত ১৮ লাখ, সৰুক্ষেত্ৰীত ১১ লাখ, জনীয়াত প্ৰায় ৩ লাখ আৰু বাঘবৰত ১ লাখ টকা জব্দ কৰা হৈছে ৷

dc press meet about election
বৰপেটাত ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ অভিযানত কোটি টকা জব্দ

বৰপেটা,২১ মাৰ্চ: বৰপেটা জিলাত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পাছৰে পৰা ফ্লায়িং স্কোৱাড, এছ এছ টি আৰু আৰক্ষীৰ অভিযানত প্ৰায় ১ কোটি টকা জব্দ কৰা হৈছে । নিৰ্বাচনী প্ৰক্ৰিয়াত অবৈধ ধনৰ লেনদেন আৰু নিচাযুক্ত সামগ্ৰীৰ প্ৰভাৱ ৰোধ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ বিধি অনুযায়ী বৰপেটা জিলাত ১,০৫,৯৯,৮৬৯ টকা জব্দ কৰা হৈছে ৷ বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই দেওবাৰে উপায়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলত আয়োজন কৰি প্ৰকাশ কৰে এই কথা ৷

বৰপেটাত ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ অভিযানত কোটি টকা জব্দ

মুনীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা অনুসৰি বৰপেটা বিধানসভা সমষ্টিত ৪১ লাখ টকা, সৰভোগ সমষ্টিত ৩০ লাখ, চেঙাত ১৮ লাখ, সৰুক্ষেত্ৰীত ১১ লাখ, জনীয়াত প্ৰায় ৩ লাখ আৰু বাঘবৰত ১ লাখ টকা জব্দ কৰা হৈছে ৷ ইয়াৰ উপৰিও এই কেইদিনৰ ভিতৰত জিলাখনত ২৬,৬৮৯ লিটাৰ চুলাই মদ, ৮২১ লিটাৰ দেশত নিৰ্মিত বিদেশী সুৰা, ১২৩ কেজি ভাঙ, ৮১ গ্ৰাম ব্ৰাউন চুগাৰ আৰু হাজাৰোধিক নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে ৷ ইপিনে নিৰ্বাচনী কাম-কাজ নিৰীক্ষণ কৰাৰ বাবে চেনিট্ৰেল অৱজাৰভাৰে জিলাখনত বাহৰ পতাৰ লগতে নিৰ্বাচনৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি চলাই থকা বুলিও জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ চৰকাৰ হোৱাটো অলীক কল্পনা: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.