ETV Bharat / state

Gamocha Controversy : গামোচা পৰিধান কৰি স্বল্পবসনা যুৱতীৰ উদ্দাম নৃত্য

author img

By

Published : Jan 9, 2023, 7:58 PM IST

এইবাৰ কলগাছিয়াত ভূ-লুণ্ঠিত কৰা হ’ল অসমীয়াৰ স্বাভিমান গোমোচাক ৷ স্বল্পবসনা যুৱতীয়ে গামোচা পৰিধান কৰি উদ্দাম নৃত্য পৰিৱেশন কৰিলে যুৱতীয়ে (Gamocha disrespect at Kalgachia)৷ এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ৷

Gamocha Controversy
গামোচা পৰিধান কৰি স্বল্পবসনা যুৱতীৰ উদ্দাম নৃত্য

গামোচা পৰিধান কৰি স্বল্পবসনা যুৱতীৰ উদ্দাম নৃত্য

বৰপেটা, 9 জানুৱাৰী : পুনৰ অসমীৰ স্বাভিমানৰ ওপৰত কুঠাৰাঘাত ৷ স্বাভীমানৰ প্ৰতীক গামোচা পিন্ধি শালীনতাৰ সীমা চেৰাই গৈ গীতৰ তালে-তালে উদ্দাম নৃত্য স্বল্পবসনা যুৱতীৰ (Gamocha disrespect at Kalgachia)৷ কেৱল সিমানেই নহয়, যুৱতীৰ উদ্দাম নৃত্যত সহযোগ কৰিলে লুঙী পৰিহিত যুৱকে ৷ ইয়াকে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

বৰপেটাৰ কলগাছিয়াত ভূ-লুণ্ঠিত হ’ল অসমীয়াৰ স্বাভিমান ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰিত ডাঞ্চ ধামাকাত অসমীয়াৰ স্বাভিমান গামোচাক কৰা হ’ল চৰম অৱমাননা ৷ যুৱতীয়ে অসমীয়া গামোচা পিন্ধি মুকলি মঞ্চত উদ্দাম নৃত্য পৰিৱেশন কৰিলে উন্মাদ নৃত্য ৷ এই কাৰ্যক তীব্ৰ গৰিহণা দিছে বৰপেটাৰ স্থানীয় সচেতন ব্যক্তিসকলে ৷ কলগাছিয়াৰ বগগুলামৰিত বাণিজ্য মেলাৰ নামত অসমীয়া গামোচা আৰু লুঙী পিন্ধি কৰা হ’ল এই উন্মাদ নৃত্য (Gamocha disrespect by dancer at Kalgachia)৷

প্ৰায়েই বাণিজ্য মেলাৰ নামত আয়োজিত ডাঞ্চ ধামাকাৰ বিৰুদ্ধে উত্থাপিত হয় এনে অভিযোগ ৷ জাতীয় কৃষ্টি-সংস্কৃতিক বিকৃত ৰূপ দি পৰিৱেশিত নৃত্যানুষ্ঠানে চৰ্চা লাভ কৰে সময়ে-সময়ে ৷ এইবাৰ কলগাছিয়া আৰক্ষী থানাৰ (Kalgachia Police Station) বগুলামাৰীৰ বি. কে, এল. ছি যুৱ সমাজৰ উদ্যোগত আয়োজিত বাণিজ্য মেলাৰ সাংস্কৃতিক অনুষ্ঠানত অপমান কৰা হ’ল গামোচাক (Trade fair at Kalgachia)৷

এই দৃশ্য দেখাৰ পাছত উত্থাপিত হৈছে প্ৰশ্ন মেলা, সাংস্কৃতিক সন্ধিয়া, নৃত্য আদি আয়োজনৰ মূল উদ্দেশ্য আচলতে কি ? দূৰ দূৰণিৰ পৰা নিমন্ত্ৰণ জনাই অনা শিল্পী গোষ্ঠীৰ দ্বাৰা দৰ্শকৰ মন জয় কৰিবৰ বাবেই এনে বিকৃত অনুষ্ঠান পৰিৱেশিত কৰা হয় নেকি ? যদি সেয়াই হয়, অসমীয়া কৃষ্টি-সংস্কৃতিৰ ভৱিষ্যতৰ বাবে এয়া অশনি সংকেত ৷

সাংস্কৃতিক সন্ধিয়া আয়োজন হ’ব লাগে এটা অঞ্চলৰ কলা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৷ উদ্দেশ্য হ’ব লাগে সাংস্কৃতিক মানচিত্ৰৰ ব্যৱস্থাৰ জৰিয়তে কিছুমান প্ৰতিভাৱান কলা-কুশলী চিনাক্ত কৰি তেওঁলোকক উপযুক্ত মঞ্চ প্ৰদান কৰি উৎসাহিত কৰা ৷ কিন্তু তাৰ বিপৰীত মেৰুলৈ ধাৱমান হৈ থকা দেখা হৈছে কিছু অঞ্চলত অনুষ্ঠিত কৰা এনেধৰণৰ মেলাসমূহ ৷

দেওবাৰে কলগাছিয়াত অনুষ্ঠিত অসমীয়াৰ আৱেগত কুঠাৰাঘাত কৰা সাংস্কৃতিক অনুষ্ঠানৰ পাছতে স্থানীয় সচেতন ব্যক্তিয়ে এয়া এক দুখজনক ঘটনা বুলি মন্তব্য কৰিছে ৷ বৰপেটাৰ একাংশ সচেতন লোকে কয় যে ‘‘অসমীয়া গামোচা আমাৰ জাতিৰ স্বাভিমান । এই স্বাভিমানক লৈ যিদৰে নৃত্য প্ৰদৰ্শন কাৰ হ’ল, এই কাৰ্য গৰিহণাৰ যোগ্য’’ ৷

লগতে সকীয়াই দিয়ে ভৱিষ্যতে যাতে বাণিজ্য মেলাৰ নামত এনে কাণ্ড সংঘটিত নকৰে তাৰ বাবে । এতিয়া বি কে এল ছি যুৱ সমাজৰ উদ্যোগত আয়োজিত বাণিজ্য মেলাৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয় ।

লগতে পঢ়ক: Job at Google : ইউটিউবত চাই শিকিছিল, বৰ্তমান বছৰত 60 লাখ টকা উপাৰ্জন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.