ETV Bharat / state

CPIM District Conference : কলগাছিয়াত চি পি আই এমৰ ২৩তম সন্মিলন

author img

By

Published : Jan 17, 2022, 10:56 AM IST

কলগাছিয়াত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ল চি পি আই এমৰ ২৩তম বৰপেটা জিলা সন্মিলন(CPIM conference in Kalgachia) ৷ অনুষ্ঠানত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷

CPIM District Conference held in Barpeta
কলগাছিয়াত চি পি আই এমৰ ২৩তম সন্মিলন

বৰপেটা, 17 জানুৱাৰী : বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিল সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ (CPIM MLA Manoranjan Talukder on BJP Government) ৷ বিভিন্ন ক্ষেত্ৰত চৰকাৰে ভংগ কৰি আহিছে ক'ভিড বিধি ৷ ক'ভিড SOPত চৰকাৰে জনসমাৱেশ ঘটোৱাতো বাধা আৰোপ কৰিছে যদিও চৰকাৰে নিজেই সেই নিয়ম ভংগ কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

বৰ্তমান চৰকাৰে জাৰি কৰা ক'ভিড বিধি অনুসৰি কলগাছিয়াত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ'ল চি পি আই এমৰ ২৩তম বৰপেটা জিলা সন্মিলন(CPIM conference in Kalgachia) । পুৱা ১০ বজাত চি পি আই এমৰ বৰ্ষীয়ান নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়( Former MLA Hamen Das at CPIM meeting) ৷

দেওবাৰে পুৱা দিনজোৰা কাৰ্যসূচীৰে পতাকা উত্তোলন, প্ৰতিনিধি সভা আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয় (Conference of Barpeta District CPIM) ৷ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰা প্ৰতিনিধি সভাত সভাপতিত্ব কৰে সন্মিলন পৰিচালনা সমিতিৰ সভাপতি মণ্ডলী ক্ৰমে সত্যবৰ্তী ভূঞা, কমলা বৰ্মন আৰু আব্দুল আজিজে । সন্মিলন পৰিচালনা কৰে চি পি আই এম নেতা আজিজুৰ ৰহমান, ধৰনী শৰ্মা, ৰজনী দৈমাৰী, পিয়াৰুল ইছলাম আৰু হিতেশ নাথে । (MLA Manoranjan Talukdar attends CPIM District Conference)

কলগাছিয়াত চি পি আই এমৰ ২৩তম সন্মিলন

ইফালে সন্মিলনখনত উপস্থিত অতিথি সকলক সম্বৰ্ধনা জ্ঞাপন কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰুস্তম আলীয়ে ৷ আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল আজিজে ৷ প্ৰতিনিধি সভাত উদ্বোধনী ভাষণ আগবঢ়ায় প্ৰাক্তন বিধায়ক হেমেন দাসে আৰু প্ৰতিবেদন পাঠ কৰে চি পি আই এমৰ জিলা সম্পাদক আজিজুৰ ৰহমানে ।

উল্লেখ্য যে, সভাত উপস্থিত থাকি সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে উত্তৰ প্ৰদেশত বিজেপিৰ পতন হ’ব বুলি আশংকা প্ৰকাশ কৰে । লগতে প্ৰাক্তন বিধায়ক হেমেন দাসেও বিজেপিৰ বিৰুদ্ধে অসমৰ সকলো ৰাজনৈতিক দল ঐক্যবদ্ধ হ'ব লাগে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : Manoranjan talukdar on CM: মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা সৰভোগৰ বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.