ETV Bharat / state

CPI(M) Meets in Barpeta: অগপ-বিজেপিৰ বিৰুদ্ধে ৱান টু ৱান প্ৰতিদ্বন্দিতা আগবঢ়াব I.N.D.I.A ই ; মনোৰঞ্জন তালুকদাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 10:23 PM IST

বৰপেটা পৌৰসভা খেলপথাৰত চিপিআই(এম) ৰাজহুৱা সভা ৷ সভাত অংশগ্ৰহণ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷ ‘‘চৰকাৰে এফালে ঋণ লৈছে আৰু আনফালে হিতাধিকাৰী সৃষ্টি কৰিছে ৷ বিজেপিক পৰাস্ত কৰাই চিপিআই(এম)ৰ মূল লক্ষ্য ৷’’ এই মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷

CPIM Meets in Barpeta
বিজেপিক পৰাস্ত কৰিবলৈ সাজু হৈছে চিপিআইএম

বিজেপিক পৰাস্ত কৰিবলৈ সাজু হৈছে চিপিআইএম

বৰপেটা, ৩০ ছেপ্টেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল ৷ তৎপৰ চিপিআই(এম) দল ৷ তৃণমূল পৰ্যায়ত দলীয় শক্তিৰ বৃদ্ধিৰ বাবে চিপিআই(এম)য়ে বৰপেটাত অনুষ্ঠিত কৰিলে ৰাজহুৱা সমাবেশ ৷

বৰ্ষীয়ান বাঁওপন্থী নেতা হেমেন দাস, বিধায়ক মনোৰঞ্জন তালুকদাৰ, চিপিআই(এম)ৰ নেতা সুপ্ৰকাশ তালুকদাৰকে ধৰি কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰে ৰাজহুৱা সমাবেশত ৷ সেই সমাবেশেৰে বৰপেটাৰ পৰাই চিপিআই(এম)য়ে বজালে নিৰ্বাচনৰ ৰণশিঙা ৷

বৰপেটা পৌৰসভা খেলপথাৰত ৰাজহুৱা সমাবেশত অংশ লৈ সৰভোগৰ চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ হুংকাৰ,‘‘ অগপ-বিজেপিৰ বিৰুদ্ধে ৱান টু ৱান প্ৰতিদ্বন্দিতা আগবঢ়াব I.N.D.I.A ই ৷ প্ৰতিটো সমষ্টিত এজনৰ বিৰুদ্ধে এজনে আগবঢ়াব প্ৰতিদ্বন্দিতা ৷’’

ইফালে আগন্তু নিৰ্বাচনত প্ৰাৰ্থীত্বক লৈ এতিয়াও আলোচনা হোৱা নাই বুলি উল্লেখ কৰি বিধায়ক তালুকদাৰে কয়, ‘‘বিজেপিৰ বিৰুদ্ধে আলোচনাৰ ভিত্তিত প্ৰদান কৰা হ’ব প্ৰাৰ্থীত্ব ৷ বিজেপিক পৰাস্ত কৰাই চিপিআই(এম)ৰ মূল লক্ষ্য ৷

আনহাতে ভূমি কেলেংকাৰীত মুখ্যমন্ত্ৰী পৰিয়ালৰ নাম সঙোৰ খোৱা সন্দৰ্ভত তেওঁ কয়, ‘‘বৰ্তমান চৰকাৰৰ দিনত ছিণ্ডিকেটৰাজ, ঘৃণাৰ ৰাজনীতি আৰু পৰিয়ালকেন্দ্ৰীক লুন্ঠন চলিছে ৷ চৰকাৰে এফালে ঋণ লৈছে আৰু আনফালে হিতাধিকাৰী সৃষ্টি কৰিছে ৷ বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰিয়েই নিৰ্বাচন জিকি যাব বুলি ভাবিছে ৷ পিচে কৰ্ণাটকত হিতাধিকাৰীৰ ৰাজনীতিয়ে কামত নিদিলে ৷’’

মুল্যবৃদ্ধিৰ প্ৰসংগত হিমাংশু প্ৰসাদ দাসৰ ‘চামুচেৰে দি তুমি বেলচা মাৰি নিলা’ গানৰ প্ৰংসগ উত্থাপন কৰি তেওঁ কয়, ‘‘1200 টকা দিছে ঠিকে, কিন্তু অত্যাৱশকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰিছে ৷ চৰকাৰে ৰাইজক মুল্যবৃদ্ধিৰ পৰা সকাহ দিব পৰা নাই ৷’’

লগতে পঢ়ক:Govt scheme scam: কাৰোবাৰ জব কাৰ্ডৰ ধন সোমালেগৈ কাৰোবাৰ বেংক একাউন্টত; হিতাধিকাৰী নিৰুপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.