ETV Bharat / state

চোৰাং গৰু চিণ্ডিকেটৰ মূল নায়ক খাইৰুল আলমক গ্ৰেপ্তাৰ

author img

By

Published : May 29, 2021, 10:25 PM IST

খাইৰুল আলমক গ্ৰেপ্তাৰৰ পিচতে তেঁওক বৰপেটাৰ আৰক্ষী অধীক্ষকৰ ওচৰলৈ লৈ যোৱা হয় আৰু গৰু চিণ্ডিকেটক নায়ক খাইৰুল আলমক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷

কুখ্যাত চোৰাং গৰু চিণ্ডিকেট সাম্ৰাজ্যৰ মূল নায়ক খাইৰুল আলম গ্ৰেপ্তাৰ
কুখ্যাত চোৰাং গৰু চিণ্ডিকেট সাম্ৰাজ্যৰ মূল নায়ক খাইৰুল আলম গ্ৰেপ্তাৰ

বৰপেটা, ২৯ মে’: অবশেষত সাৰ পালে অসম আৰক্ষী ৷ কুখ্যাত চোৰাং গৰু চিণ্ডিকেট সাম্ৰাজ্যৰ মূল নায়ক খাইৰুল আলমক আটক ৷ হাউলী আৰক্ষীয়ে বৰপেটাৰ হাউলী চহৰৰ নিজ ঘৰৰ পৰাই আটক কৰে গৰু চিণ্ডিকেট সাম্ৰাজ্যৰ মূল নায়ক খাইৰুল আলমক ৷ খাইৰুল আলমক গ্ৰেপ্তাৰৰ পিচতে তেঁওক বৰপেটাৰ আৰক্ষী অধীক্ষকৰ ওচৰলৈ লৈ যোৱা হয় আৰু বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷

ইপিনে আদালতে খাইৰুল আলমক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ৷ হাউলী আৰক্ষীয়ে গৰু চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত কলগাছিয়াৰ আশ্ৰাফুল ইছলামকো গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷ আশ্ৰাফুল ইছলামো গৰু চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত ৷ খাইৰুল আলমে বৰপেটাৰ পৰাই ৰাজ্যখনৰ গৰুৰ চোৰাং সাম্ৰাজ্যখন পৰিচালনা কৰি আহিছিল ৷

উল্লেখযোগ্য যে, বৰপেটাৰ হাউলী চহৰৰ মাজমজিয়াত প্ৰাসাদোপম অট্টালিকাৰ লগতে বিভিন্ন স্থানত নামে বেনামে অজস্ৰ ভূমি আৰু সম্পত্তিৰ মালিক বুলি খাইৰুল আলমৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছে ৷ খাইৰুল আলম গৰুৰ চোৰাং চিণ্ডিকেটৰ লগতে কাঠ, কয়লা, চাউল আৰু চুপাৰীৰ চোৰাং ব্যৱসায়ৰ সৈতেও জৰিত থকাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ ইপিনে চোৰাং গৰু চিণ্ডিকেট চক্ৰৰ নায়কজনক গ্ৰেপ্তাৰক লৈ বৰপেটা আৰক্ষীয়ে এইপৰ্যন্ত কোনো কথা প্ৰকাশ কৰা নাই ৷

লগতে পঢ়কঃ ১৮ মাহতে বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.