ETV Bharat / state

Abdul Khaleque slams Assam CM: আজমলৰ নাম লৈ দৰিদ্ৰ মুছলমানক টাৰ্গেট কৰে মুখম্যন্ত্ৰীয়ে: আব্দুল খালেক

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 4:22 PM IST

Abdul Khaleque slams Assam CM
Congress MP Abdul Khaleque

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা প্ৰকৃত অসমীয়া নহয় বুলি মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৷ মাতৃভাষা ধ্বংস কৰাৰ বাবেই মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰিছে বুলিও সমালোচনা সাংসদগৰাকীৰ ৷

হিমন্ত বিশ্ব শৰ্মাক সমালোচনা আব্দুল খালেকৰ

জনিয়া, 16 নৱেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংসদ আব্দুল খালেকক অসমীয়া ভাষা বিৰোধী আৰু আব্দুল খালেকেই অসমীয়া ভাষাৰ বিৰোধ কৰা প্ৰথমজন ব্যক্তি বুলি কৰা মন্তব্য সন্দৰ্ভত সাংসদ আব্দুল খালেকৰ কলগাছিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ আব্দুল খালেক সন্দৰ্ভত কৰা মন্তব্যৰ পিছতেই বৃহস্পতিবাৰে সাংসদ আব্দুল খালেকে উভতি ধৰে মুখ্যমন্ত্ৰীক । মুখ্যমন্ত্ৰীয়ে খাটি খোৱা দৰিদ্ৰ মুছলমানকহে শত্ৰুজ্ঞান কৰে বুলি মন্তব্য আগবঢ়াই সাংসদ খালেকে ৷

এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে কেইদিনমান পূৰ্বে সাংবাদিকৰ আগত কৈছিল যে আল্লাহে তেওঁক ইমান সম্পত্তি দিছে যে ইচ্ছা কৰিলে তেওঁ হিমন্ত বিশ্ব শৰ্মাক কিনি ল’ব পাৰিব । তাৰ প্ৰত্যুত্তৰত সাংসদ আব্দুল খালেকে কৈছিল যে পাৰে যদি আজমলে হিমন্ত বিশ্ব শৰ্মাক কিনি ল’ব লাগে । কিন্তু বদৰুদ্দিন আজমলৰ বিপৰীতে প্ৰতিক্ৰিয়া দিলে মুখ্যমন্ত্ৰীয়েহে । মুখ্যমন্ত্ৰীয়ে আব্দুল খালেকক অসমীয়া ভাষাৰ বিৰোধী আদি বিশেষণেৰে তীৰ্যক সমালোচনা কৰে ৷ তাৰ পিচতেই এতিয়া মুখ্যমন্ত্ৰীক উভতি ধৰিছে সাংসদ খালেকে ৷

তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি আছে । মুখ্যমন্ত্ৰীয়ে সেই কথা প্ৰমাণ কৰি দিলে । ব্যক্তি বদৰুদ্দিনৰ লগত তেওঁৰ বিৰোধ নাই । কিন্তু এইক্ষেত্ৰত তেখেতে বদৰুদ্দিন আজমলৰ নামত দৰিদ্ৰ খাটি খোৱা মুছলমান সকলক টাৰ্গেট কৰি লয় ।

মুখ্যমন্ত্ৰীয়ে সাংসদ আব্দুল খালেকক কটাক্ষ কৰাৰ লগতে শিক্ষা দিব বুলি কৰা মন্তব্য সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে যদি তেওঁৰ কোনো দুৰ্ঘটনা বা অপঘাতত মৃত্যু হয় তাৰ বাবে দায়ী হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কিন্তু খাটি খোৱা লোকসকলক টাৰ্গেট কৰা বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় সাংসদ খালেকে ।

তেওঁ আৰু কয় যে চেলেং চাদৰ দলিয়াই দিয়া আজমলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে হিমন্ত বিশ্ব শৰ্মাই । গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ আজমলৰ প্ৰতি যি প্ৰীতি সেয়া আৰু গোপন হৈ থকা নাই ৷ মুখ্যমন্ত্ৰীয়ে নিজেই মুকলি কৰি দিছে ।

অসমীয়া ভাষা ৰক্ষা সন্দৰ্ভত আব্দুল খালেকে কয় যে তেওঁ নিজা পৃষ্ঠপোষকতাৰে অসমীয়া ভাষাৰ প্ৰসাৰৰ বাবে কাম কৰি আছে ৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় বন্ধ কৰি ভাষাটোৰ বিস্তৰ ক্ষতি কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকী প্ৰকৃত অসমীয়া নহয় বুলিও কটাক্ষ কৰে সাংসদ খালেকে ৷

লগতে পঢ়ক: Badruddin Ajmal Controversy: "অসমৰ মানুহে বদৰুদ্দিন আজমলকো দলিয়াই পেলাব লাগে" - প্ৰাক্তন বিধায়ক আব্দুল আজিজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.