ETV Bharat / state

হাউলীত আৰক্ষীৰ জালত দুষ্প্ৰাপ্য কেঁকোসাপ সহ পাঁচ সৰবৰাহকাৰী

author img

By

Published : Oct 10, 2021, 10:19 PM IST

গোৱালপাৰাৰ ৰফিকুল ইছলাম নামৰ এজন যুৱকে দুষ্প্ৰাপ্য এডাল কেঁকোসাপ বিক্ৰীৰ বাবে মেঘালয়ৰ পৰা হাউলীলৈ আনিছিল । হাউলীৰ হাতীজানাৰ জাকিৰ হুছেইনৰ ঘৰত খন্দকাৰপাৰাৰ জামাল উদ্দিন আৰু গোৱালপাৰাৰ ৰফিকুল ইছলামে মিলি প্ৰায় ১৫ দিনধৰি কেঁকোসাপ আবদ্ধ কৰি থৈ বিক্ৰীৰ বাবে গ্ৰাহক বিচাৰি আছিল । তাৰ পাচত পৰিল জালত ৷

হাউলীত আৰক্ষীৰ জালত দুষ্প্ৰাপ্য কেঁকোসাপ সহ পাঁচ সৰবৰাহকাৰী
হাউলীত আৰক্ষীৰ জালত দুষ্প্ৰাপ্য কেঁকোসাপ সহ পাঁচ সৰবৰাহকাৰী

বৰপেটা ১০ অক্টোবৰ : আৰক্ষী আৰু বন বিভাগৰ ব্যাপক তৎপৰতাৰ পাছতো একাংশ দুষ্ট চক্ৰই বিভিন্ন ধৰণে দুষ্প্ৰাপ্য প্ৰাণীৰ সৰবৰাহৰ কৰি এক বৃহৎ ব্যৱসায় চলাই আহিছে । এনে এটা দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধুলি দি দেওবাৰে হাউলীত কেঁকো সাপ বিক্ৰী কৰি থকাৰ সময়তে নিশা ধৰা পৰে আৰক্ষীৰ হাতত ৷ হাউলী আৰক্ষীয়ে বৰপেটা সদৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত বৰপেটা আৰু বৰপেটাৰোড আৰক্ষীৰ সহযোগত এডাল কেঁকো সাপ জব্দ কৰাৰ লগতে পাঁচ দুধৰ্ষ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

হাউলীত আৰক্ষীৰ জালত দুষ্প্ৰাপ্য কেঁকোসাপ সহ পাঁচ সৰবৰাহকাৰী

প্ৰাপ্ত তথ্য অনুসৰি, গোৱালপাৰাৰ ৰফিকুল ইছলাম নামৰ এজন যুৱকে দুষ্প্ৰাপ্য কেঁকোসাপ ডাল বিক্ৰীৰ বাবে মেঘালয়ৰ পৰা হাউলীলৈ আনিছিল । হাউলীৰ হাতীজানাৰ জাকিৰ হুছেইনৰ ঘৰত খন্দকাৰপাৰাৰ জামাল উদ্দিন আৰু গোৱালপাৰাৰ ৰফিকুল ইছলামে মিলি প্ৰায় ১৫ দিনধৰি কেঁকোসাপ আবদ্ধ কৰি থৈ বিক্ৰীৰ বাবে গ্ৰাহক বিচাৰি আছিল ।

দেওবাৰে দুলীয়াজানৰ সুমিত্ৰা দেৱী নামৰ এজনী মহিলা আৰু শদিয়াৰ পাপু দেব নামৰ এজন যুৱকে প্ৰায় ৭০ লাখ টকাৰ কেঁকো সাপডাল ক্ৰয় কৰিব অহাত আৰক্ষীয়ে এক গোপন খবৰ লাভ কৰি হাতীজানাৰ সেই গৃহৰ পৰাই পাঁচজনক আটক কৰাৰ লগতে কেঁকো সাপডাল উদ্ধাৰ কৰে ।

আৰক্ষীয়ে জনোৱা মতে, কেঁকো সাপডালৰ দৈৰ্ঘ্য প্ৰায় ১৫ ইঞ্চি । আৰক্ষীয়ে উদ্ধাৰ কৰা কেঁকো সাপডাল বন বিভাগ তথা মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক হস্তান্তৰ কৰে বুলি সাংবাদিকক জানিবলৈ দিয়ে । আৰক্ষীয়ে পাঁচজনৰ পৰা পাঁচটা মোবাইল সহ পৰিচয় পত্ৰ জব্দ কৰিছে ।

আজিৰ এই অভিযানত বৰপেটা সদৰ উপ-আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱা, হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবানন্দ দাস, বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলে, বৰপেটা নগৰ উপ-পৰিদৰ্শক সূৰ্য কুমাৰ বৰা, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কুমাৰ বৰুৱাসহ কেইবাজনো আৰক্ষী বিষয়া জোৱান উপস্থিত আছিল । উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি আটকাধীন পাঁচজনে দুষ্প্ৰাপ্য বনপ্ৰাণী সৰবৰাহৰ কৰা কাৰ্য সৈতে জৰিত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।

লগতে পঢ়কঃ ব্ৰেকফাষ্ট টু ডিনাৰ: কইনাধৰাত মিত্ৰ দলৰে মাৰাথন বৈঠক মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.