ETV Bharat / state

Viral video: ন বোৱাৰীৰ ভিডিঅ' ভাইৰেল কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Jul 13, 2021, 9:21 AM IST

Updated : Jul 13, 2021, 12:48 PM IST

ছ’চিয়েল মিডিয়াৰ কৰাল গ্ৰাসত পৰি বহু লোকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ খবৰ সততে শুনিবলৈ পোৱা যায় ৷ ইয়াৰ মাজতে বিয়াৰ পূৰ্বৰ এটা ভাইৰেল ভিডিঅ'ই সংসাৰ ভাঙিলে এগৰাকী বোৱাৰীৰ ৷ ভিডিঅ' ভাইৰেল হোৱাৰ পাচতে স্বামী গৃহৰ পৰা খেদি পঠিওৱা হ'ল বোৱাৰীগৰাকীক ৷

case-registered-against-culprit-who-was-involved-in-viral-video-incident-in-kalgasia
ভিডিঅ' ভাইৰেল কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

জনীয়া, 13 জুলাই : ভিডিঅ' ভাইৰেল কৰি এগৰাকী নৱ বিবাহিতাৰ সংসাৰত খেলি-মেলি লগোৱা যুৱক ছাদ্দাম হুছেইনৰ বিৰুদ্ধে অৱশেষত কলগাছিয়া থানাত এজাহাৰ দাখিল কৰিলে ভুক্তভোগী বোৱাৰী গৰাকীয়ে ৷ ছাদ্দাম হুছেইনৰ লগতে আন চাৰিজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে ৷ অশ্লীল ভিডিঅ' ভাইৰেল কৰি জীৱন ধ্বংস কৰা যুৱক কেইজনক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী কৰিছে ভুক্তভোগীয়ে ৷

উল্লেখ্য যে, কেইদিনমান পূৰ্বে বিয়াৰ আগৰ এটা ভাইৰেল ভিডিঅ'ই সংসাৰ ভাঙিছিল কলগাছিয়াৰ দিগজানী গাঁৱৰ এগৰাকী ন-বোৱাৰীৰ ৷ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে স্বামীগৃহৰ পৰা খেদি পঠিয়াইছিল বোৱাৰী গৰাকীক ৷ বোৱাৰীগৰাকীক পিতৃগৃহত আশ্ৰয় নিদিয়াত অৱশেষত ভিডিঅ' ভাইৰেল কৰা যুৱকজনৰ ঘৰত উপস্থিত হৈছিল ৷ কিন্তু ভিডিঅ' ভাইৰেল কৰা যুৱক ছাদ্দাম হুছেইনৰ পৰিয়ালে আশ্ৰয় দিয়াৰ সলনি মাৰপিট কৰি খেদি পঠোৱাৰ অভিযোগ উত্থাপন কৰিছিল বোৱাৰীগৰাকীয়ে ৷

ভিডিঅ' ভাইৰেল কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

এই ঘটনা চৌদিশে বিয়পি পৰাত সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া ৷ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছিল সচেতন ৰাইজে ৷ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত একপ্ৰকাৰ আশ্ৰয়হীন হৈ পৰিছিল বোৱাৰীগৰাকী ৷

পিছত আৰক্ষীয়ে বোৱাৰীগৰাকীৰ পিতৃক বুজাই পৰাই ঘৰলৈ লৈ যাবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, বিগত দুবছৰৰ পৰা দিগজানী গাঁৱৰ ছাদ্দাম হুছেইনৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল ভুক্তভোগীৰ ৷ তাৰ মাজতে দিগজানী গাঁৱৰ এটা ঘৰৰ ভিতৰত নি নিচাযুক্ত দ্ৰব্য খুৱাই ভুক্তভোগীৰ সৈতে অবৈধ সম্পৰ্ক কৰাৰ লগতে অশ্লীল ভিডিঅ' বনাই ৰাখিছিল ছাদ্দাম হুছেইনে ৷

বিয়াৰ 15 দিন পিছতেই ছাদ্দাম হুছেইনে ভাইৰেল কৰা ভিডিঅ'সমূহ প্ৰত্যক্ষ কৰি স্বামীগৃহৰ পৰা খেদি পঠিওৱা হৈছিল বোৱাৰীগৰাকীক ৷ উপায়ন্তৰ যুৱতীগৰাকীয়ে পুৰণা প্ৰেমিক ছাদ্দামৰ লগতে আন কেইজনমান সংগীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ অশ্লীল ভিডিঅ' ভাইৰেল কৰি জীৱন ধ্বংস কৰা কেইগৰাকীৰ কঠোৰ শাস্তিৰ দাবী কৰিছে ভূক্তভোগী বোৱাৰীগৰাকীয়ে ৷ সম্প্ৰতি ভুক্তভোগী পিতৃগৃহতে থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ Viral Video : বিয়াৰ দুমাহৰ পাচতেই সংসাৰ ভাগিল ন-বোৱাৰীৰ

Last Updated : Jul 13, 2021, 12:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.