ETV Bharat / state

Bajali District : বজালী জিলাৰ সীমা বিতৰ্ক; পাঠশালাত কেবিনেট উপ-সমিতিৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 5:32 PM IST

Cabinet Sub Committee Meeting
বজালী জিলাৰ সীমা বিতৰ্ক সন্দৰ্ভত বৈঠক

বজালী জিলাৰ সীমা বিতৰ্ক সন্দৰ্ভত কেবিনেট উপ-সমিতিৰ বৈঠক ৷ বৈঠকত উপ-সমিতিৰ তিনি কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা আৰু অতুল বৰা উপস্থিত থাকে ৷

পাঠশালাত কেবিনেট উপ-সমিতিৰ বৈঠক

পাঠশালা, 10 নৱেম্বৰ : এতিয়াও মীমাংসা হোৱা নাই বজালী জিলাৰ সীমা বিতৰ্কৰ ৷ এই বিষয়টোৰ সু-সমাধানৰ বাবে গঠিত কেবিনেট উপ-সমিতিৰ সদস্য সকলে শুকুৰবাৰে বজালীত এখন বৈঠকত অংশগ্ৰহণ কৰে ৷ বৈঠকত উপ-সমিতিৰ তিনি কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা আৰু অতুল বৰা উপস্থিত থাকে ৷

বজালী, ভবানীপুৰ, সৰভোগ, বৰপেটা ৰোড আদিৰ প্ৰায় 70 টাৰো অধিক দল-সংগঠনৰ প্ৰতিনিধিয়ে বজালী আৰু ভবানীপুৰ সৰভোগ সমষ্টি বজালীত অন্তৰ্ভুক্তিৰ সপক্ষে কেবিনেট উপ-সমিতিক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰি মতামত দিয়ে ৷ বৈঠকৰ অন্তত উপ-সমিতিৰ তিনি কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা আৰু অতুল বৰাই এক সংবাদমেল সম্বোধন কৰে ৷

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশত আজি এনেদৰে বৈঠক অনুষ্ঠিত কৰা হয় বুলি সংবাদমেলত প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ইয়াৰ পৰৱৰ্তী পদক্ষেপ ৰূপে উপ-সমিতিখন বৰপেটাৰ ৰাইজৰ সৈতে এনেদৰে বৈঠকত মিলিত হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে ৷

বৰপেটাৰ ৰাইজৰ মতামত লোৱাৰ কিছুদিনৰ পিছতে চূড়ান্ত সিন্ধান্ত লৈ বজালীৰ সীমা বিতৰ্কৰ নিষ্পত্তি কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী তিনিগৰাকীয়ে ৷ উল্লেখযোগ্য যে, শুকুৰবাৰে 12 বজাৰ পৰা 3 বজালৈ অনুস্থিত হোৱা এই বৈঠকত ভবানীপুৰ, বৰপেটা ৰোড আৰু সৰভোগৰো বহু দল-সংগঠনে বজালী জিলাৰ সীমা সন্দৰ্ভত কেবিনেট উপ-সমিতিক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা বজালী জিলাক লৈ অসন্তুষ্ট হৈ পৰিছে বৰপেটাবাসী ৷ নৱ গঠিত বজালী জিলাত অন্তৰ্ভূক্তিৰ বিৰোধিতা হাউলী, সৰভোগ আৰু বৰপেটা ৰোডৰ দল-সংগঠনৰ ৷ পূৰ্বৰ বজালী জিলাৰ সৈতে বৰপেটা জিলাৰ বৰপেটা ৰোড, হাউলী, সৰভোগক অন্তৰ্ভূক্তিৰ বিৰোধিতাৰে ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে দল-সংগঠনে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান জনাইছে বৰপেটাৰ দল-সংগঠনৰ লগতে নাগৰিক সমাজে ৷

লগতে পঢ়ক : Women Entry Ban in Satra : সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাকলৈ বৰপেটাৰ সত্ৰলৈ ন্যায়ালয়ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.