ETV Bharat / state

Attack on Businessman: কলগাছিয়াত দুৰ্বৃত্তৰ আক্ৰমণত আহত ব্যৱসায়ী

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 1:17 PM IST

কলগাছিয়াৰ বামুণটাৰীত মাৰপিটৰ ঘটনা ৷ আব্দুল ৰৌফ নামৰ ব্যৱসায়ীজনক আক্ৰমণ দুৰ্বৃত্তৰ ৷ গুৰুতৰভাৱে আহত ৰৌফক বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসালয়ত ভৰ্তি ৷

Kalgachia Incident
কলগাছিয়াত দুৰ্বৃত্তৰ আক্ৰমণত আহত ব্যৱসায়ী

কলগাছিয়াত দুৰ্বৃত্তৰ আক্ৰমণত আহত ব্যৱসায়ী

জনিয়া, 11 ছেপ্টেম্বৰ : কলগাছিয়াৰ বামুণটাৰীত চাঞ্চল্যকৰ ঘটনা ৷ দুৰ্বৃত্তই এজন ব্যৱসায়ীক মাৰধৰ কৰাৰ অভিযোগ উঠিছে ৷ দেওবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুণটাৰিত সংঘটিত হয় এই ঘটনা ৷ ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে আব্দুৰ ৰৌফ নামৰ ব্যৱসায়ীজন ৷ আহত আব্দুৰ ৰৌফক উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসায়লৈ প্ৰেৰণ কৰিছে ৷

ঘটনা অনুসৰি, শুকুৰবাৰে ইছলাম ধৰ্মাৱলম্বীৰ এটা বিশেষ সমাজক লৈ আব্দুৰ ৰৌফ আৰু আজগৰ আলী নামৰ ব্যক্তিৰ সৈতে কিছু মতভেদ হয় । তাৰ পাচতে আব্দুৰ ৰৌফক ৰূপসী পঞ্চায়তৰ প্ৰাক্তন সভাপতি আজগৰ আলী আৰু তেওঁৰ সহযোগীয়ে প্ৰাণে মৰাৰ ভাবুকি দিছিল ৷ যাৰ বাবে দেওবাৰে ব্যৱসায়ী আব্দুৰ ৰৌফে নামাজ পঢ়ি ঘৰলৈ ওভতাৰ সময়তে আজগৰ আলীৰ সহযোগীয়ে আক্ৰমণ কৰে ৷ চোকা অস্ত্ৰ, বাঁহৰে অতৰ্কিতে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ৰৌফ ৷

আনহাতে আব্দুল ৰৌফক শুকুৰবাৰে অস্ত্ৰ দেখুৱাই আজগৰ আলীয়ে প্ৰাণে মৰাৰ ভাবুকিও দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । দেওবাৰে হোৱা মাৰপিটৰ সময়তে ব্যৱসায়ী আব্দুল ৰৌফৰ পকেটৰ পৰা টকাও কাঢ়ি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী আব্দুৰ ৰৌফে ।

ইফালে স্থানীয় ৰাইজৰ তৎপৰতাত ব্যৱসায়ী আব্দুৰ ৰৌফ'ক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও অধিক সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ এই সমগ্ৰ ঘটনাৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ভুক্তভোগী ব্যক্তিজনৰ আত্মীৰ লগতে স্থানীয় লোকে ৷

লগতে পঢ়ক: Street play in Barpeta : প্লাষ্টিক মুক্ত সমাজৰ সপোনেৰে বৰপেটা চহৰত সজাগতামূলক বাটৰ নাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.