ETV Bharat / state

EM Gautam Das: উৎকোচ বিচৰাৰ অভিযোগ বি টি আৰৰ ই এমৰ বিৰুদ্ধে

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 10:34 PM IST

BTR executive member Gautam das holds a press meet
গৌতম দাসে এক সংবাদ মেলৰ আয়োজন কৰে

বাক্সাত ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে ‘ন অবজেকছন’ চাৰ্টিফিকেট দিয়াৰ নামত বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে 2 লাখ টকা উৎকোচ বিচৰাৰ অভিযোগ সংবাদমেল পাতি অস্বীকাৰ কৰে ।

গৌতম দাসে এক সংবাদ মেলৰ আয়োজন কৰে

বৰপেটাৰোড, 27 অক্টোবৰ : বাক্সা জিলাৰ লুৱাশুৰৰ এখন ৱাইন শ্বপৰ ট্ৰেড লাইচেন্সৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ দিয়াৰ বাবে বি টি আৰৰ ই এম গৌতম দাসে ৱাইন শ্বপৰ স্বতাধিকাৰীৰ পৰা দুই লাখ টকা উৎকোচ বিচৰাৰ অভিযোগ তুলি বাক্সা জিলাৰ আবকাৰী বিষয়াক এক লিখিত অভিযোগ দিয়াৰ পাছত বি টি আৰৰ ই এম গৌতম দাসে এক সংবাদমেলৰ আয়োজন কৰে ৷ শুকুৰবাৰে সন্ধিয়া তেওঁৰ নিজা বাসভৱনত অনুষ্ঠিত কৰা সংবাদমেলত ৱাইন শ্বপৰ গৰাকী আলংবাৰ খেৰকটাৰীয়ে ই এম গৌতম দাসৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰি এয়া ই এম গৰাকীৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ।

ৱাইন শ্বপৰ গৰাকী আলংবাৰ খেৰকটাৰীৰ লগত বাক্সা জিলাৰ আৱকাৰী অধীক্ষক আৰু বিষয়াৰ এক ভিতৰুৱা বুজাপৰা আছে বুলিও ই এম গৌতম দাসে এক চাঞ্চল্যকৰ অভিযোগ সংবাদমেলত উত্থাপন কৰে ৷ ই এম গৰাকীৰ বিৰুদ্ধে ই এক গভীৰ ষড়যন্ত্ৰ বুলিও কয় গৌতম দাসে ৷ লুৱাশুৰত থকা আলংবাৰ খেৰকটাৰীৰ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ ম্যাদ চলিত বৰ্ষৰ মাৰ্চ মাহতেই উকলি গৈছিল । পৰৱৰ্তী সময়ত আলংবাৰ খেৰকটাৰীয়ে তেওঁৰ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ নবীকৰণৰ আপত্তি বিহীন প্ৰমাণপত্ৰৰ বাবে স্থানীয় ভিচিডিচিৰ চেয়াৰমেনৰ ওচৰত আবেদন কৰিছিল ৷ লুৱাশুৰৰ উক্ত ৱাইন শ্বপৰ কাষত এখন প্ৰাথমিক বিদ্যালয় থকাৰ বাবে বি টি আৰৰ ই এম গৰাকীৰ নিৰ্দেশত ভিচিডিচিৰ চেয়াৰমেনে আলাংবাৰ খেৰকটাৰীক “ন অবজেকছন” চাৰ্টিফিকেট প্ৰদান কৰা নাছিল বুলি উল্লেখ কৰে ই এম গৌতম দাসে ।

তাৰোপৰি সদ্যসমাপ্ত দুৰ্গা পূজাৰ বতৰত লুৱাশুৰ জাখলিৰপাৰ অঞ্চলত অনুজ্ঞাপত্ৰ বিহীনভাৱে চলি থকা অবৈধ মদৰ দোকান বন্ধ কৰাৰ বাবে ই এম গৌতম দাসে বাক্সাৰ শিমলাগুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুমুদ শৰ্মাৰ বিৰুদ্ধে জনবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ তুলি আৰক্ষী চকীত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত অবৈধ মদৰ ৰমৰমীয়া বেহা চলাই থকাৰ সন্দৰ্ভত মন্তব্য কৰিছিল ৷ পৰৱৰ্তী সময়ত এই বিষয়টো বাক্সা জিলাৰ আৱকাৰী অধীক্ষককো জনাইছিল । কিন্তু আৱকাৰী অধীক্ষক আৰু আৱকাৰী বিষয়াই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তোলে ই এম গৌতম দাসে ৷ পাচত বাক্সাৰ জিলা উপায়ুক্তক ই এম গৌতম দাসে লুৱাশুৰ আৰু জাখলিৰপাৰত চলি থকা অবৈধ মদ বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল ৷

ৱাইন শ্বপৰ গৰাকী আলংবাৰ খেৰকটাৰীৰ পৰা ই এম গৌতম দাসে ট্ৰেড লাইচেন্স নবীকৰণৰ বাবে ন অবজেকছন চাৰ্টিফিকেট দিয়াৰ বাবদ দুই লাখ টকা ধন দাবী কৰা বুলি অভিযোগৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিছে ই এম গৌতম দাসে ৷

লগতে পঢ়ক : BMCH news: চিকিৎসা ল’বলৈ আহি ঘূণীয়া হ’ল এটি শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.