ETV Bharat / state

Broker at BMCH : বৰপেটা মেডিকেল কলেজত দালালিত জড়িত ছাত্ৰক গ্ৰেপ্তাৰ

author img

By

Published : Feb 15, 2023, 10:00 PM IST

Broker at Barpeta Medical College
বৰপেটা মেডিকেল কলেজত দালালিত জড়িত ছাত্ৰক গ্ৰেপ্তাৰ

বৰপেটা মেডিকেল চিকিৎসা মহাবিদ্যালয় হাস্পতালত বুধবাৰে গ্ৰেপ্তাৰ কৰা হ’ল এটা দালালক (Broker at Barpeta Medical College)৷ ৰোগীৰ বিভিন্ন পৰীক্ষাৰ নামত ব্যক্তিগত পৰীক্ষাগাৰত লগত মিতিৰালিৰে দালালি কৰি অহা চিকিৎসা বিজ্ঞানৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

বৰপেটা মেডিকেল কলেজত দালালিত জড়িত ছাত্ৰক গ্ৰেপ্তাৰ

বৰপেটা, ১৫ ফেব্ৰুৱাৰী : দুখীয়া, সহজ-সৰল ৰোগীক সহায়ৰ নামত বৰপেটা মেডিকেল কলেজ (Fakhruddin Ali Ahmed Medical College and Hospital) হাস্পতালত একাংশ লোকে অব্যাহত ৰাখিছে দালালি ৷ ৰোগীৰ আত্মীয়ক প্ৰৱঞ্চনাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ'ল বৰপেটা মেডিকেল কলেজৰ ফিজিঅ'থেৰাপীৰ ছাত্ৰ ৷ দালালি কৰি গ্ৰেপ্তাৰ হোৱা ছাত্ৰজনৰ নাম মিনহাজুদ্দিন ওৰফে মিনহাজ (Broker at Barpeta Medical College)৷

বৰপেটাৰ বাঘবৰৰ মিনহাজুদ্দিন বৰপেটা মেডিকেল কলেজৰ ফিজিঅ'থেৰাপী বিভাগৰ ছাত্ৰ ৷ মঙলবাৰে সৰ্থেবাৰীৰ গোমুৰা গাঁৱৰ এগৰাকী ৰোগী বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ চিকিৎসাৰ বাবে আহিছিল ৷ চিকিৎসাৰ বাবে অহা ৰোগীগৰাকীক নিজকে হাস্পতালৰ কৰ্মচাৰী বুলি চিনাকি দি উক্ত মিনহাজুদ্দিন নামৰ ছাত্ৰজনে হাস্পতালত ভৰ্তি কৰোৱাকে ধৰি বিভিন্ন ধৰণেৰে সহায় কৰিছিল ৰোগীৰ অভিভাৱকক ৷

ইপিনে চিকিৎসকে ৰোগীগৰাকীক কৰিবলৈ দিয়া কেবাটাও তেজৰ পৰীক্ষা হাস্পতালতে কৰাৰ সলনি উক্ত দালালটোৰ প্ৰৱঞ্চনাৰ জালত ভৰি দি কোনো ব্যক্তিগত লেব'ৰেটৰীত কৰিবলৈ বাধ্য হয় ৰোগীৰ অভিভাৱকে ৷ দালাল মিনহাজুদ্দিনে দেখুৱাই দিয়া এটা ব্যক্তিগত পৰীক্ষাগাৰত তেজৰ পৰীক্ষাৰ বাবদ ৰোগীৰ পৰিয়ালটোৱে ভৰিবলগীয়া হয় ৫,৯৭০ টকা ৷ অথচ চিকিৎসকে কোৱা মতে হাস্পতালত কৰিলে মাথো ৯০০ টকাতে সকলো পৰীক্ষা সম্ভৱ হ'লহেতেন ৷

দালাল ছাত্ৰজনে ব্যক্তিগত পৰীক্ষাগাৰৰ পৰা পোৱা কমিচনৰ লোভতে এনেদৰে দুখীয়া ৰোগীসকলক প্ৰৱঞ্চনাৰে ব্যক্তিগত পৰীক্ষাগাৰসমূহৰ লগতে নিজৰ জেপ গধুৰ কৰি আহিছে ৷ দিন হাজিৰা কৰা ৰোগীৰ অভিভাৱকজন এনেদৰে সৰ্বস্বান্ত হোৱা ঘটনাক লৈ কৰ্তব্যৰত চিকিৎসকে অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰক ঘটনা সম্পৰ্কে অৱগত কৰে ৷ ইয়াৰ পাচতে অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ পৰামৰ্শ অনুসৰি ৰোগীৰ অভিভাৱকে বৰপেটা মেডিকেল কলেজ আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে ৷

উক্ত এজাহাৰৰ ভিত্তিতে বৰপেটা আৰক্ষীয়ে মিনহাজুদ্দিন ওৰফে মিনহাজ আলীক গ্ৰেপ্তাৰ কৰে (Broker arrested from Barpeta Medical)৷ ইপিনে দালাল ছাত্ৰজনক গ্ৰেপ্তাৰৰ পাচতে ছাত্ৰজনৰ অভিভাৱকে এজাহাৰকাৰী বিপুল ডেকাক গোচৰটো উঠাই ল’বলৈ ভয়-ভাবুকি দেখুওৱা বুলিও অভিযোগ উত্থাপিত হৈছে ৷

আৰক্ষীয়ে বুধবাৰে ধৃত দালাল ছাত্ৰজনক আদালতত হাজিৰ কৰোৱায় ৷ ইপিনে মেডিকেল কলেজ কৰ্তৃপক্ষই কোনো দালালক প্ৰশ্ৰয় নিদিবলৈ ৰোগী আৰু ৰোগীৰ আত্মীয়ক অনুৰোধ জনাইছে ৷ লক্ষ্যণীয়ভাৱে বৰপেটা মেডিকেল কলেজ হাস্পতালত দালালি বন্ধৰ বাবে অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে (Barpeta Medical College superintend ) কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে খোদ মেডিকেল কলেজত অধ্যয়নৰত ফিজিঅ'থেৰাপীৰ এজন ছাত্ৰৰ এনে কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অৱেশ্যে এই দালাল চক্ৰটোক উৎখাতৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা কি হ’ব সেয়াও লক্ষ্যণীয় বিষয় ৷

লগতে পঢ়ক: Women Trafficking in Nagaon: দহ হাজাৰ টকাৰ বিনিময়ত বহিঃৰাজ্যলৈ সৰবৰাহ কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.