ETV Bharat / state

ভুৱা পৰিচয়েৰে কিশোৰীক প্ৰেমৰ অভিনয়েৰে অপহৰণ

author img

By

Published : Aug 4, 2020, 5:22 PM IST

ভুৱা পৰিচয়েৰে প্ৰথমে প্ৰেম, তাৰ পাচত অপহৰণ কিশোৰীক ৷ প্ৰেমিকৰ প্ৰকৃত পৰিচয় জানিব পাৰি নিশাই প্ৰেয়সী পলাল প্ৰেমিকৰ ঘৰৰ পৰা ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত বৰ্তমান লক্ আপত ভুৱা পৰিচয়ৰ প্ৰেমিক ৷

kidnap
kidnap

বৰপেটা, ৪ আগষ্ট : বৰপেটাত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত পেলায় কিশোৰীক অপহৰণ যুৱকৰ ৷ প্ৰেমিকৰ প্ৰকৃত পৰিচয় জানিব পাৰি নিশাই প্ৰেমিকৰ ঘৰৰ পৰা পলায়ন কিশোৰীৰ ৷

ঘটনা অনুসৰি, বৰপেটাৰ ২নং বেচিমাৰীৰ জাহিদুল কাজীয়ে নিজকে লাকী শৰ্মা বুলি পৰিচয় দি জামুগুৰিহাটৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক প্ৰেমৰ জালত পেলাইছিল ৷ অনেক চল-চাতুৰীৰ কৰি জহিদুলে অপহৰণ কৰি লৈ গৈছিল কিশোৰী গৰাকীক ৷ অপহৰণ কৰি প্ৰেয়সী ৰূপী কিশোৰীগৰাকীক লৈ গৈছিল বেচিমাৰীৰ নিজ গৃহলৈ ৷ কিন্তু বেচিমাৰীত উপস্থিত হৈ যেতিয়া কিশোৰীগৰাকীয়ে জানিব পাৰিলে যে লাকী শৰ্মা প্ৰকৃততে এজন মুচলমান যুৱক, সেই নিশাই কিশোৰী গৰাকী পলায়ন কৰে জহিদুলৰ ঘৰৰ পৰা ৷ উপায়হীন কিশোৰীগৰাকীয়ে আশ্ৰয় লয় গহিয়া গাঁৱৰ এজন বড়ো সম্প্ৰদায়ৰ লোকৰ ঘৰত ৷

ভুৱা পৰিচয়েৰে কিশোৰীক প্ৰেমত পেলায় অপহৰণ

এই ঘটনাৰ পাচতেই বৰপেটাত সৃষ্টি হয় তুমুল উত্তেজনা ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰে ৷ সোমবাৰে নিশা জামুগুৰিহাট আৰক্ষীৰ হাতত কিশোৰীগৰাকীক চমজাই দিয়ে সৰ্থেবাৰী আৰক্ষীয়ে ৷ ইপিনে কিশোৰীগৰাকীৰ অপহৰণৰ পাচতে জামুগুৰিহাট থানাত অভিযুক্ত জহিদুলৰ বিৰুদ্ধে 16/2020 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 365 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ গোচৰ মৰ্মে মংগলবাৰে জাহিদুলক সৰ্থেবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে জনোৱামতে, জামুগুৰিহাট আৰক্ষীৰ লোক বৰপেটাত উপস্থিত হোৱাৰ পাচতেই ধৃত জাহিদুল কাজীক জামুগুৰিহাট আৰক্ষীক চমজাই দিয়া হ’ব ৷

লগতে পঢ়ক : হাইলাকান্দিত দুষ্টচক্ৰৰ আক্ৰমণৰ বলি সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.