ETV Bharat / state

বৰপেটাৰ সৰভোগৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা নিহত এজন

author img

By

Published : Jun 20, 2020, 10:00 PM IST

সৰভোগত অৱস্থিত মইনবৰি সত্ৰৰ সমীপত পিছফালৰ পৰা অহা তীব্ৰবেগী ট্ৰাকে খুন্দিয়াৰ ফলত থিতাতে নিহত প্ৰদীপ কলিতা,আহত নৃপেন দাসক চিকিৎসালয়লৈ প্ৰেৰণ ৷

borpeta sarabhag rode accident  death pradeep kalita critical condition admit hospital neepan das
বৰপেটাৰ সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা নিহত এজন

বৰপেটা,২০ জুনঃ বৰপেটা জিলাৰ সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয় ৷ সৰভোগত অৱস্থিত মইনবৰি সত্ৰৰ সমীপত পিছফালৰ পৰা অহা তীব্ৰবেগী ট্ৰাকে স্কুটীত খুন্দিওৱাৰ ফলত এজন যুৱকৰ মৃত্যু ৷ নিহত যুৱকজন সৰভোগৰ বাৰেগাঁৱৰ সনাতন কলিতাৰ পুত্ৰ প্ৰদীপ কলিতা (২৬) বুলি জানিব পৰা গৈছে ৷ আনহাতে প্ৰদীপ কলিতাৰ লগত যোৱা বৰপেটাৰ নৃপেন দাস গুৰুতৰভাৱে আহত হয় ৷

বৰপেটাৰ সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা নিহত এজন

আৰক্ষীয়ে জনোৱামতে সৰভোগৰ পৰা বৰপেটাৰোড অভিমুখী ট্ৰাকৰ খুন্দাত ঠিতাতে মৃত্যু হয় যুৱকজনৰ বুলি উল্লেখ কৰে ৷ ইপিনে গুৰুতৰভাৱে আহত নৃপেন দাসক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ নিহত যুৱকজন আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি পিতৃ দুৰ্ঘটনাত পতিত হৈ পংগু হৈ ঘৰত পৰি থকাৰ ফলত পুত্ৰৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল আছিল পৰিয়ালটো ৷ ইফালে যুৱকজনে মৃত্যুৰ সময়ত পিতৃ মাতৃৰ সৈতে পত্নী আৰু এটি কনমাণি সন্তান এৰি থৈ গৈছে ৷ এই ঘটনাটোৱে সৰভোগ অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢকঃ ইজৰাইলত সমলিংগ সাংসদৰ সংখ্যা বৃদ্ধিৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.