ETV Bharat / state

কেনে আছে বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক চন্দ্ৰকান্ত মুছাহাৰী ?

author img

By

Published : Jun 16, 2021, 4:16 PM IST

আৰ্থিক সংকটত জুৰুলা একমাত্ৰ বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক চন্দ্ৰকান্ত মুছাহাৰী ৷ ক’ভিড সৃষ্ট পৰিৱেশত থিয়েটাৰৰ প্ৰদৰ্শনী বন্ধ হোৱাৰ এই পৰিস্থিতিৰ সন্মুখীন একালৰ জনপ্ৰিয় থিয়েটাৰৰ প্ৰযোজক তথা বিখ্যাত ফুটবল খেলুৱৈ গৰাকী ৷

bodo-mobile-theater-creator-having-financial-breakdown
কেনে আছে বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক চন্দ্ৰকান্ত মুছাহাৰী ?

বজালী,16 জুন : বিগত চাৰিটা দশকৰ পূৰ্বেই বড়ো ভাষাত ভ্ৰাম্যমাণ থিয়েটাৰ(mobile theater in bodo language )জন্ম দি মাধ্যমটিক এক মৰ্যদাপূৰ্ণ মাত্ৰা প্ৰদান কৰিছিল চন্দ্ৰকান্ত মুছাহাৰীয়ে ৷ একালৰ বিখ্যাত ফুটবল খেলুৱৈ নাট্যকাৰ পৰিচালক তথা বড়ো মাধ্যমৰ একমাত্ৰ থিয়েটাৰ চোৰাং মঞ্জু থিয়েটাৰৰ প্ৰযোজক চন্দ্ৰকান্ত মুছাহাৰী অৰ্থাৎ চেখাই সম্প্ৰতি তীব্ৰ আৰ্থিক সংকটৰ মাজত দিন পাৰ কৰিছে ।

বজালীৰ লেচেৰা গাঁৱৰ মুছাহাৰীয়ে এতিয়া আৰ্থিক দৈন্যতাৰ বাবে নাযায় নুপুৱাই হৈছে দিন । কৰ’ণা মহামাৰীৰ বাবে বিগত বৰ্ষত প্ৰায় সকলো উদ্যোগৰ দৰেই ভীষণ আৰ্থিক লোকচানৰ সন্মুখীন হৈছিল ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগ(mobile theater industry) ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ, চলিত বছৰটোত পুনৰ থিয়েটাৰৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত দেখা দিয়া তীব্ৰ অনিশ্চয়তাৰ বাবে আন বহুতৰ দৰেই বিমোৰত পৰিছে এই গৰাকী প্ৰযোজক ৷ সম্প্ৰতি, থিয়েটাৰৰ ৭ খনকৈ গাড়ী বিক্ৰী কৰি পৰিয়ালক পোহপাল দি আছে মুছাহাৰীয়ে ৷

কেনে আছে বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক চন্দ্ৰকান্ত মুছাহাৰী ?

আনহাতে, তেখেতৰ নিজা ঘৰৰ আখৰা গৃহতে জহি খহি যাবলৈ ধৰিছে থিয়েটাৰৰ সামগ্ৰী সমূহ ৷ ইফালে, কাম কৰা মানুহৰ অভাৱত একালৰ জনপ্ৰিয় প্ৰযোজক গৰাকীৰ ঘৰ খনো জহি খহি গৈছে ৷ এতিয়া উপায়হীন অৱস্থাত থকা চন্দ্ৰকান্ত মুছাহাৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী (cm of state) আৰু বিটিআৰ প্ৰধান(BTR chief) গৰাকীক সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.