ETV Bharat / state

কলগাছিয়াত ভাৰত বন্ধৰ সমৰ্থকক আটক

author img

By

Published : Mar 28, 2022, 12:38 PM IST

supporters-of-bharat-bandh-detained-in-kalgachia-barpeta
কলগাছিয়াত আটক ভাৰত বন্ধৰ সমৰ্থক

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই দুদিনীয়াকৈ ভাৰত বন্ধৰ আহ্বান জনাইছে ৷ সেই অনুসৰি সোমবাৰৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ভাৰত বন্ধ কাৰ্যসূচী ৷ বৰপেটা জিলাৰ কলগাছিয়াত বন্ধ সমৰ্থকক আটক(Bharat bandh supporters detained in Kalgachia) আৰক্ষীৰ ৷

জনিয়া, 28 মাৰ্চ: বিজেপি চৰকাৰৰ শ্ৰম বিৰোধী আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত ২৮-২৯ মাৰ্চত দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছিল কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই (Strike against BJP government's policies) ৷ এই বন্ধৰ অংশ হিচাপে বৰপেটা জিলাৰ কলগাছিয়াত সোমবাৰে পুৱা ৰাজপথলৈ ওলাই আহে একাংশ বন্ধৰ সমৰ্থক ৷

বন্ধৰ সমৰ্থকসকলে দেশজোৰা ধৰ্মঘটৰ অংশ হিচাপে চকা বন্ধ কাৰ্যসূচী পালন কৰে (CTU Bharat bandh) ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কলগাছিয়া মটৰ শ্ৰমিক ইউনিয়নে ৷ কলগাছিয়াৰ খৰিচালা, বামুণটাৰী, লাংলা, বৰভিটা, মইনবড়ী, বালাগাঁও আদি এলেকাত ভাৰত বন্ধৰ সমৰ্থকসকলে স্বতঃস্ফূৰ্তভাৱে সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে ৷ ইফালে স্থানীয় আৰক্ষীয়ে বন্ধৰ সমৰ্থকসকলক আটক কৰি থানালৈ (Bharat bandh supporters detained in Kalgachia) নিয়ে ৷

কলগাছিয়াত আটক ভাৰত বন্ধৰ সমৰ্থক

অৱশ্যে এই বন্ধৰ সময়চোৱাত সকলো প্ৰকাৰৰ জৰুৰী সেৱাৰ লগতে চলি থকা বহুকেইটা পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক ৰেহাই দিয়া হোৱাৰ কথা পূৰ্বে মহানগৰীত অনুষ্ঠিত সংবাদমেলত ঘোষণা কৰিছিল কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ বীৰেন শৰ্মাই ৷

লগতে চাওক: বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে অহা ২৮-২৯ মাৰ্চত দেশজোৰা সাধাৰণ ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.