ETV Bharat / state

পৰাগ ভূঞাৰ হত্যাৰ ন্যায়ৰ দাবীত হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Nov 13, 2020, 10:11 PM IST

অসম সন্তান অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ আৰক্ষীয়ে আটক কৰাৰ পিছত মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্রী ড0 হিমন্ত বিশ্ব শৰ্মা যেনেদৰে তৎপৰ হৈ পৰিছিল তাৰ বিপৰীতে পৰাগ ভূঞাৰ হত্যা সম্পৰ্কে মন্ত্রী গৰাকীৰ কোনো তৎপৰতা নাই কিয় আৰু পৰাগ ভূঞা অসম সন্তান নহয় নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে যুৱ কংগ্ৰেছে ।

barpeta-youth-cong-protest
পৰাগ ভূঞাৰ হত্যাৰ ন্যায়ৰ দাবীত হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

বৰপেটা, ১৩ নৱেম্বৰঃ ৰাজ্যৰ এগৰাকী নিৰ্ভীক নিৰপেক্ষ, জ্যেষ্ঠ সাংবাদিক, প্ৰতিদিন টাইমৰ কাকপথাৰৰ সংবাদদাতা পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ । সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি শুকুৰবাৰে বৰপেটাৰ হাউলী চহৰত বৰপেটা জিলা যুব কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে । বৰপেটা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত হাউলী চহৰত যুৱ কংগ্ৰেছে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, সাংবাদিক হত্যা বন্ধ কৰক, পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰ লাগে আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

barpeta-youth-cong-protest
পৰাগ ভূঞাৰ হত্যাৰ ন্যায়ৰ দাবীত হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

আনহাতে অসম সন্তান অৰ্নব গোস্বামীক মহাৰাষ্ট্ৰ আৰক্ষীয়ে আটক কৰাৰ পিছত মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্রী ড0 হিমন্ত বিশ্ব শৰ্মা যেনেদৰে তৎপৰ হৈ পৰিছিল তাৰ বিপৰীতে পৰাগ ভূঞাৰ হত্যা সম্পৰ্কে মন্ত্রী গৰাকীৰ কোনো তৎপৰতা নাই কিয় আৰু পৰাগ ভূঞা অসম সন্তান নহয় নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে যুৱ কংগ্ৰেছে ।
লগতে পঢ়ক: ৰঙানদীৰ খাৰকাটিত নিৰ্মান হ’ব দ্বিতীয়খন পকী দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.