ETV Bharat / state

ইউকো বেংকৰ কেলেংকাৰীত জড়িত শাখা প্ৰৱন্ধকক গ্ৰেপ্তাৰ

author img

By

Published : Oct 18, 2019, 2:32 PM IST

ইউকো বেংকৰ বৰপেটা শাখাত ঋণ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে বেংকৰ শাখা প্ৰৱন্ধকৰ বিৰুদ্ধে ৷ বিহাৰৰ বাসিন্দা আলোক কুমাৰে বৰপেটাৰ ইউকো বেংকৰ শাখা প্ৰৱন্ধক হিচাপে বিগত তিনিবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছে ৷ বৃহস্পতিবাৰে কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত বৰপেটা চহৰত অভিযান চলাই বেংক বিষযাগৰাকীক গ্ৰেপ্তাৰ কৰে ৷

বৰপেটাত ঋণ কেলেংকাৰীত জড়িত শাখা প্ৰৱন্ধক গ্ৰেপ্তাৰ

বৰপেটা, 18 অক্টোবৰঃ ইউকো বেংকৰ বৰপেটা শাখাত সংঘটিত হৈছে ঋণ কেলেংকাৰী ৷ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে বেংকৰ শাখা প্ৰৱন্ধকৰ বিৰুদ্ধে ৷ বৃহস্পতিবাৰে কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত বৰপেটা চহৰত অভিযান চলাই বেংক বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা শাখা প্ৰৱন্ধকজনৰ নাম আলোক কুমাৰ ৷

ঋণ কেলেংকাৰীত জড়িত শাখা প্ৰৱন্ধক গ্ৰেপ্তাৰ

উল্লেখ্য যে, বেংকটোত সংঘটিত কেলেংকাৰী সন্দৰ্ভত ১০ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল অন্যতম অভিযুক্ত দালাল আব্দুল কাদেৰক ৷ আব্দুল কাদেৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে বৃহস্পতিবাৰে কয়াকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শাখা প্ৰবন্ধক আলোক কুমাৰক ৷ বিহাৰৰ বাসিন্দা আলোক কুমাৰ বৰপেটাৰ ইউকো বেংকৰ শাখা প্ৰৱন্ধক হিচাপে বিগত তিনিবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছিল ৷ শাখা প্ৰৱন্ধক আলোক কুমাৰ আৰু দালাল আব্দুল কাদেৰৰ নেতৃত্বতে ইউকো বেংকৰ বৰপেটা শাখাত প্ৰায় তিনি কোটি টকাৰ ঋণ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বেংকৰ নিয়মীয়া উপভোক্তাক বিশেষ ঋণ আৰু দৰিদ্ৰ কৃষকক কে চি চি ঋণ প্ৰদানৰ নামত সংঘটিত হৈছিল এই বিয়াগোম কেলেংকাৰী ৷

ইতিমধ্যে, বৰপেটা সদৰ থানাত ৰুজু হোৱা গোচৰমৰ্মে কেলেংকাৰীটোৰ তদন্ত চলাই আছে কয়াকুছি আৰক্ষীয়ে ৷ শনিবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ’ব শাখা প্ৰৱন্ধক আলোক কুমাৰক ৷

Intro:

বৰপেটা, ১৮ অক্টোবৰঃ ইউকো বেংকৰ বৰপেটা শাখাত সংঘটিত হোৱা ঋণ কেলেংকাৰীৰ সৈতে জৰিত থকাৰ অভিযোগত বেংকৰ শাখা প্ৰৱন্ধক গ্ৰেপ্তাৰ ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বেংকৰ শাখা প্ৰৱন্ধকজন আলেক কুমাৰ ৷ বৃহস্পতিবাৰে বৰপেটা চহৰত অভিযান চলাই কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত বেংক বিষযাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ Body:ইতিপূৰ্বে বেংকটোত সংঘটিত কেলেংকাৰী সন্দৰ্ভত ১০ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল ঋণ কেলেংকাৰীৰ অন্যতম অভিযুক্ত দালাল আব্দুল কাদেৰ ৷ আব্দুল কাদেৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে বৃহস্পতিবাৰে কয়াকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শাখা প্ৰবন্ধক আলোক কুমাৰক ৷ বিহাৰৰ বাসিন্দা আলোক কুমাৰ বৰপেটাৰ ইউকো বেংকৰ শাখা প্ৰৱন্ধক হিচাপে বিগত তিনিবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছে ৷ শাখা প্ৰবন্ধক আলোক কুমাৰ আৰু দাদাল আব্দুল কাদেৰৰ নেতৃত্বতে ইউকো বেংকৰ বৰপেটা শাখাত প্ৰায় তিনি কোটি টকাৰ ঋণ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইতিমধ্যে এই সংক্ৰান্তত বৰপেটা সদৰ থানাত ৰুজু হোৱা গোচৰমৰ্মে কেলেংকাৰীটোৰ তদন্ত চলাই আছে কয়াকুছি আৰক্ষীয়ে ৷ বেংকৰ নিয়মীয়া উপভোক্তাক বিশেষ ঋণ আৰু দৰিদ্ৰ কৃষকক কে চি চি ঋণ প্ৰদানৰ নামত সংঘটিত হৈছিল এই বিয়াগোম কেলেংকাৰী ৷ নিজৰ নামত ঋণ অনুমোদনৰ পিচতো ঋণৰ ধন লাভৰ পৰা বঞ্চিত হৈছিল বহু উপভোক্তা আৰু দৰিদ্ৰ কৃষক ৷ কয়াকুছি আৰক্ষী চকীত জেৰা অব্যাহত আছে শাখা প্ৰবন্ধক আলোক কুমাৰৰ ৷ ইপিনে কাইলৈ বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হব আলোক কুমাৰক ৷ বৰপেটাত বেংক বিষয়াৰ গ্ৰেপ্তাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

Conclusion:বাইটঃ উৎপল বৰা, অচি, কয়াকুছি আৰক্ষী চকী ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.