ETV Bharat / state

বৰপেটা আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ

author img

By

Published : Sep 21, 2019, 9:07 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো গঢ় লৈ উঠিছে ড্ৰাগছৰ মাৰাত্মক ঘাটি ৷ শেহতীয়াকৈ বৰপেটা আৰক্ষীয়ে অভিযান চলাই এগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ সৈতে পোন্ধৰ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ বৰপেটা সদৰ আৰক্ষীয়ে শনিবাৰে অভিযান চলাই পুনৰ জব্দ কৰে নিষিদ্ধ ব্ৰাউন চুগাৰ ৷

বৰপেটা আৰক্ষীৰ সফলতা

বৰপেটা, 21 চেপ্তেম্বৰঃ ড্ৰাগছৰ নিষিদ্ধ বেহাই দিনে দিনে গা কৰি উঠিছে বৰপেটা জিলাত ৷ নিষিদ্ধ ড্ৰাগছৰ কৱলত পৰি জিলাখনৰ একাংশ যুৱপ্ৰজন্মই ধ্বংসৰ মুখলৈ গতি কৰাৰ বিপৰীতে একাংশ চোৰাং ব্যৱসায়ীয়ে নিৰ্বিকাৰে চলাই গৈছে চোৰাং ব্যৱসায় ৷

শেহতীয়াকৈ জিলাখনৰ পৰা আৰক্ষী বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছিল 15 লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ ৷ জিলাখনৰ বৰ আগদিয়া গাঁৱৰ আমিনুল মিঞা নামৰ লোকজনৰ ঘৰৰ পৰা বৰপেটা সদৰ থানাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে এইদৰে বৃহৎ হাৰে জব্দ কৰিছিল ব্ৰাউন চুগাৰ ৷

একেখন গাঁৱৰ পৰাই পুনৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় নিষিদ্ধ ব্ৰাউন চুগাৰ ৷ শনিবাৰে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে পুনৰ জব্দ কৰিবলৈ সক্ষম হয় 145 গ্ৰাম ব্ৰাউন চুগাৰ ৷ গাঁৱখনৰ ফুলচান আলী নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ পৰা ছয়টা পেকেটত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় নিষিদ্ধ ড্ৰাগছখিনি ৷

বৰপেটা আৰক্ষীৰ সফলতা

আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় 15 লাখ টকা হ'ব ৷ সম্প্ৰতি পলাতক অৱস্থাত থকা ফুলচান আলীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ কিছুদিন পূৰ্বে গাঁৱখনৰ পৰা 15 লাখ টকাৰ ড্ৰাগছৰ লগতে আজি জব্দ কৰা ড্ৰাগছখিনি মিলাই সৰ্বমুঠ 30 লাখ টকাৰ ড্ৰাগছ জব্দ কৰে বৰপেটা আৰক্ষীয়ে ৷ জিলাখনত শেহতীয়াকৈ বৃদ্ধি নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় আৰক্ষীৰ বাবে মুৰৰ কামোৰনি হৈ দেখা দিছে ৷ আৰক্ষীয়ে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

Intro:

বৰপেটা ২১ ছেপ্তেম্বৰ: বৰপেটাৰ বৰ আগদিয়া গাওত গঢ় লৈ উঠিছে ড্ৰাগছৰ বৃহৎ ঘাটি ৷ বৰ আগদিয়া গাৱত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে ব্ৰাউন চুগাৰ ৷ বৰ আগদিয়া গাৱৰ ফুলচান আলিৰ ঘৰৰ পৰা জব্দ ১৪৫ গ্ৰাম ব্ৰাউন চুগাৰ ৷ ছয়টা পেকেটত ভৰাই থোৱা অৱস্থাত ফুলচান আলীৰ ঘৰৰ পৰা ব্ৰাউন চুগাৰখিনি জব্দ কৰে আৰক্ষীয়ে ৷ Body:আৰক্ষীয়ে জনোৱামতে, ব্ৰাউন চুগাৰখিনিৰ আনুমানিক মূল্য হব প্ৰায় ৭ লাখ টকা ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰানজিৎ দাসৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে বৰ আগদিয়া গাৱত চলিছিল এই অভিযান ৷ এই অভিযানৰ সময়তে ফুলচান আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ ৷ আনহাতে অভিযানৰ সময়ত ঘৰত নাছিল অভিযুক্ত ফুলচান আলী ৷ ফলত অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই ড্ৰাগছ ব্যৱসায়ী ফুলচান আলীক ৷ সম্প্ৰতি পলাতক অৱস্থাত থকা ফুলচান আলীক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷
ইপিনে কিছুদিন পূৰ্বে একেখন গাৱৰ পৰাই আৰক্ষীয়ে জব্দ কৰিছিল ১৫ লাখ টকা মূল্যৰ ব্ৰাউন চুগাৰ ৷ বৰপেটা আৰক্ষীয়ে বৰ আগদিয়া গাৱৰ ড্ৰাগছ ব্যৱসায়ী আমিনুল মিঞাক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছিল পোন্ধৰ লাখ টকা মূল্যৰ ব্ৰাউন চুগাৰ ৷ এটা মাহৰ ভিতৰতে বৰ আগদিয়া গাৱত পুনৰ ব্ৰাউন চুগাৰ জব্দৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৰপেটাত ৷ এই সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ অভিযান ৷

Conclusion:বাইটঃ অচি, বৰপেটা ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.