ETV Bharat / state

বৰপেটাত ককায়েকে হানি-খুচি হত্যা কৰিলে দুই ভাতৃক

author img

By

Published : Dec 31, 2020, 6:36 PM IST

বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাংলীপাৰাত জঘন্য হত্যাকাণ্ড । ভূমি বিবাদক কেন্দ্ৰ কৰি ককায়েক নূৰমহম্মদে ডেগাৰেৰে হানি প্ৰাণ ল'লে দুজনকৈ ভায়েকৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

barpeta Murder
বৰপেটাত ককায়েকে হানি-খুচি হত্যা কৰিলে দুই ভাতৃক

বৰপেটা,31ডিচেম্বৰ : বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াৰ বাংলীপাৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । দীৰ্ঘদিনীয়া ভূমি বিবাদক কেন্দ্ৰ কৰি নূৰ মহম্মদ নামৰ এজন লোকে ডেগাৰেৰে হানি-খুচি হত্যা কৰিলে নিজ ভাতৃ আলী আৰু আব্দুল ছামাদক । এই হত্যাকাণ্ডত আলী নামৰ ভাতৃ গৰাকীৰ থিতাতে মৃত্যু হয় যদিও আন জন ভাতৃ আব্দুল ছামাদক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা আব্দুল ছামাদৰ ৷

বৰপেটাত ককায়েকে হানি-খুচি হত্যা কৰিলে দুই ভাতৃক

ইফালে, ঘটনা সংঘটিত হোৱাৰ পাচতেই ঘটনাস্থলীত উপস্থিত হয় বৰপেটা আৰক্ষী ৷ বৰপেটা আৰক্ষীয়ে মৃতদেহ দুটা প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষালৈ ৷ বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

অন্য এক খবৰৰ বাবে: পাঠদানৰ বাবে সাজু ৰাজ্যৰ শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.