ETV Bharat / state

Blood Bank Scam: বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকত দালালৰাজ

author img

By

Published : Feb 3, 2023, 3:09 PM IST

Barpeta Medical College Hospitals blood bank Scam
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকত দালালৰাজ

বৰপেটা মেডিকেল কলেজ হাস্পতালত দালালৰ দপদপনি ৷ দালালৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ (Principal Dr Ramen Talukdar) ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকত দালালৰাজ

বৰপেটা, 3 ফেব্ৰুৱাৰী: দীৰ্ঘদিন ধৰি বৰপেটা মেডিকেল কলেজ হাস্পতালতৰ (Barpeta Medical College Hospital) ব্লাড বেংকত তেজ প্ৰদানৰ নামত একাংশ দালালে পিয়াপি দি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Blood bank Scam in Barpeta) ৷ এইবাৰ খোদ বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে (Principal Dr Ramen Talukdar) ব্লাড বেংকত চলি থকা দালালৰ অতপালিৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷

অধ্যক্ষগৰাকীয়ে কয়, "সহজ সৰল গঞা ৰোগীৰ আত্মীয়ক টাৰ্গেট কৰি তেজ প্ৰদানৰ নামত একাংশই দালালৰাজ চলাই আহিছে ৷ কোনো এজন লোকক যদি জৰুৰীকালীনভাৱে তেজৰ প্ৰয়োজন হয় তেনেহ’লে আমি বিনিময়ত তেজ নোলোৱাকৈ তেজ যোগান ধৰো ৷ কিন্তু এই ঘটনাত এজন লোকে ৰক্ত পৰিশোধ কৰিবলৈ আহোঁতে এজন অচিনাকী লোকে তেওঁক ৰক্তদান কৰাৰ বিনিময়ত 7 হাজাৰ টকা লয় ৷ আমাৰ হাস্পতালখনত অচিনাকী ব্যক্তিৰ পৰা ৰক্ত নলব’লৈ বহুতো বেনাৰ-পোষ্টাৰ ৰাইজক সজাগ কৰিবলৈ লগাই থোৱা আছে ৷ তৎস্বত্বেও লোকজনৰ পৰা কোনো অচিনাকী লোকে ৰক্তৰ লেন দেনৰ নামত 7 হাজাৰ টকা লোৱাৰ অভিযোগত স্থানীয় থানাত গোচৰ ৰুজু কৰিছে ৷ ইতিমধ্য়ে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷"

প্ৰকৃততে বৃহস্পতিবাৰে অভয়াপুৰীৰ এগৰাকী লোকৰ আত্মীয়ই তেজ বিচাৰি অহাৰ সময়তে এজন অচিনাকী লোকে 7 হাজাৰ টকা আদায় দিবলগীয়া হয় ৷ এই বিষয়ে অধ্যক্ষগৰাকী অৱগত হোৱাৰ পিচতে ঘটনাটোৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ৷

এই ঘটনাৰ পিচতে অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে কোনো দালালক প্ৰশ্ৰয় নিদিবলৈ ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ প্ৰতি আহ্বান জনায় ৷ লগতে সংবাদমাধ্যমৰ যোগেদি কোনো ৰোগী তথা আত্মীয়ক অচিনাকী লোকৰ লগত ৰক্তৰ লেনদেন নকৰিবলৈ সতৰ্কতা জাৰি কৰে ৷ ইয়াৰোপৰি পূৰ্বতে হাস্পতালখনত দালালীত জড়িত থকাৰ অভিযোগত দুজনকৈ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল বুলিও মন্তব্য অধ্যক্ষগৰাকীৰ ৷ আগন্তুক দিনত ব্লাড বেংকত দালালৰ কোনো সম্ভেদ পালেই বা কোনো অভিযোগ থাকিলে ততালিকে অৱগত কৰিবলৈ আহ্বান জনায় অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে ৷

লগতে পঢ়ক: Drugs Seized in Guwahati: বিধানসভাৰ কাৰ পাছ থকা বাহনত ওলাল বৃহৎ পৰিমাণৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.