ETV Bharat / state

বৰপেটাত মহিলা সকলৰ বাবে বিশেষ সজাগতা সভা

author img

By

Published : Jan 22, 2021, 10:49 PM IST

বৰপেটাত মহিলা সকলৰ বাবে বিশেষ সজাগতা সভা
বৰপেটাত মহিলা সকলৰ বাবে বিশেষ সজাগতা সভা

বৰপেটা জিলাৰ আইন সেৱা প্ৰাদেশীকৰণে হেল্পলাইন ফাউণ্ডেচনৰ সহযোগত মহিলা সবলীকৰণ, নাৰী নিৰ্যাতন, নাৰী জনিত ঘৰুৱা বিবাদ আদি বিষয়ত এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে ।

বৰপেটা , ২২ জানুৱাৰী : বৰপেটা জিলাৰ আইন সেৱা প্ৰাদেশীকৰণৰ এক আদৰণীয় পদক্ষেপ । শুকুৰবাৰে সংস্থাটোৱে হেল্পলাইন ফাউণ্ডেচনৰ সহযোগত মহিলা সবলীকৰণ, নাৰী নিৰ্যাতন, নাৰী জনিত ঘৰুৱা বিবাদ আদি বিষয়ত এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে । কলগাছিয়াৰ হেল্পলাইন ফাউণ্ডেশ্য়নৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে জিলা আইন সেৱা প্ৰাদেশীকৰণৰ সম্পাদক শ্বৰিফ উদ্দিন পাঠান আৰু জিলা চাইল্ড লাইনৰ সঞ্চালক আব্দুল মালেক আহমেদ । অনুষ্ঠানত হেল্পলাইন ফাউণ্ডেশ্য়নৰ সভাপতি শ্বাফিউল হাছানসহ কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

ইফালে মহিলাসকলৰ বাবে আয়োজন কৰা এই সজাগতা কাৰ্যসূচী অঞ্চলটোৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :লাঠিৰে কোবাই কোবাই হত্যা শুকুৰ আলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.