ETV Bharat / state

জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসলৈ 'বৰপেটা বঁটা '

author img

By

Published : Apr 16, 2019, 12:10 PM IST

পহিলা ব'হাগৰ দিনটোত বৰপেটা ছাত্ৰ সন্থাই অভিনেত্ৰী চেতনা দাসক প্ৰদান কৰে 'বৰপেটা বঁটা'

জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসলৈ ' বৰপেটা বঁটা '

বৰপেটা,১৬ এপ্ৰিলঃ ৰাজ্যৰ চৌদিশে এতিয়া ব'হাগৰ আনন্দ। আনন্দৰ মাজতে পহিলা ব'হাগৰ দিনটোত অভিনেত্ৰী চেতনা দাসে লাভ কৰে বৰপেটা বঁটা। বৰপেটা ছাত্ৰ সন্থাই ২০১৯ বৰ্ষৰ বাবে এই বৰপেটা বঁটা প্ৰদান কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীক। অভিনেত্ৰীগৰাকীক 'বৰপেটা বঁটা'ৰ সৈতে এখন অংগবস্ত্ৰ, জাপি, শৰাই, প্ৰশস্তি পত্ৰ আৰু নগদ ১০ হাজাৰ টকা আৰু স্মাৰক প্ৰদান কৰে বৰপেটা ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে, আধ্যাত্মিকতা, সাহিত্য-সংস্কৃতি, গৱেষণা, ক্ৰীড়া, উদ্ভাৱনা, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ৰাজ্যখনৰ বিশিষ্ট ব্যক্তি সকলক নিৰ্বাচিত কৰি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ২০১৩ বৰ্ষৰ পৰাই প্ৰদান কৰি আহিছে এই বৰপেটা বঁটা ৷

জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসলৈ 'বৰপেটা বঁটা '
সত্ৰনগৰীৰ ঐতিহ্যৰে সংপৃক্ত এই বঁটা গ্ৰহণ কৰি অতি আনন্দিত আৰু বৰপেটাবাসীৰ ওচৰত কৃতজ্ঞ বুলি প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ এই অনুষ্ঠানতে ৰাজ্য চৰকাৰে প্ৰদান কৰা শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু সংগীত নাটক অকাডেমী বঁটা প্ৰাপক জগন্নাথ অধিকাৰীকো সম্বৰ্ধনা জনায় ছাত্ৰসন্থাই ৷
Slug:    A_BAR_16APR_801TO805_BARPETA_AWARD_TO_CHETONA_DAS_VIS+BITE+PHOTO_BAPKAN_DAS                           

পহিলা ব'হাগৰ দিনটোতে বৰপেটা ছাত্ৰ সন্থাই অভিনেত্ৰী চেতনা দাসক প্ৰদান কৰে 'বৰপেটা বঁটা' ৷৷
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ট শৰ্মা আৰু সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়নকো সম্বৰ্ধনা

বৰপেটা, ১৬ এপ্ৰিলঃ  ৰাজ্যখনৰ অন্য প্ৰান্তৰ দৰে সত্ৰনগৰী বৰপেটাতো পহিলা ব'হাগৰ দিনটোত পালন কৰা হয় ৰঙালী বিহু ৷ বৰ দোমাহী উপলক্ষে সত্ৰনগৰীৰ প্ৰতিজন লোকেই পুৱা বৰপেটা সত্ৰৰ কীৰ্তনঘৰলৈ গৈ গুৰুদুজনাৰ আশীষ প্ৰাৰ্থনাৰে সেৱা জনোৱাৰ পিচত আবেলি বৰপেটা আঞ্চলিক ছাত্ৰসন্থাই অনুষ্ঠিত কৰা ৰঙালী বিহুত  কেবাটাও বিহুৱা দলে বিহু নৃত্য পৰিবেশন কৰে ৷ ইপিনে পহিলা ব'হাগৰ দিনটোতে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক প্ৰদান কৰে ২০১৯ বৰ্ষৰ 'বৰপেটা বঁটা' ৷ অভিনেত্ৰীগৰাকীক 'বৰপেটা বঁটা'ৰ সৈতে অংগবস্ত্ৰ, জাপি, শৰাই, প্ৰশস্তি পত্ৰ আৰু নগদ ১০ হাজাৰ টকা আৰু স্মাৰক প্ৰদান কৰা হয় ৷ আধ্যাত্মিকতা, সাহিত্য-সংস্কৃতি, গৱেষনা, ক্ৰীড়া, উদ্ভাৱনা, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অবদান আগবঢ়োৱা ৰাজ্যখনৰ বিশিষ্ট ব্যক্তি সকলক নিৰ্বাচিত কৰি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ২০১৩ বৰ্ষৰ পৰা প্ৰদান কৰি আহিছে বৰপেটা বটা ৷ বৰপেটা আঞ্চলিক ছাত্ৰসন্থাই পহিলা বহাগৰ দিনটোতে সত্ৰনগৰীৰ ঐতিহ্যৰে সংপৃক্ত এই বঁটা গ্ৰহন কৰি অতি আনন্দিত আৰু বৰপেটাবাসীৰ ওচৰত কৃতজ্ঞ বুলি প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ এই অনুষ্ঠানতে ৰাজ্য চৰকাৰে প্ৰদান কৰা শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু সংগীত নাটক অকাডেমী বটা প্ৰাপক জগন্নাথ অধিকাৰীকো ছাত্ৰসন্থাই সম্বৰ্ধনা জনায় ৷ 

বাইটঃ  চেতনা দাস,  ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো  ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.