ETV Bharat / state

বিহু উপলক্ষে সাজু বজালীৰ বাঘমাৰাৰ দৈ

author img

By

Published : Apr 13, 2021, 10:48 PM IST

ৰাইজে বাঘমাৰাৰ ম’হৰ দৈ পৰম্পৰাগতভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে মাঘ বিহুৱে হওঁক নতুবা বহাগ বিহুৱে হওঁক খাবলৈ উৎসুক হৈ থাকে । এইবাৰ বিহুৰ বাবে বাঘমাৰাত প্ৰায় ৭০ কুইণ্টল দৈ সাজু কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে ।

অসম বিখ্যাত বজালীৰ বাঘমাৰাৰ দৈ প্ৰস্তুত
অসম বিখ্যাত বজালীৰ বাঘমাৰাৰ দৈ প্ৰস্তুত

পাঠশালা,13 এপ্ৰিলঃ অসম বিখ্যাত বাঘমাৰাৰ দৈ খাবলৈ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৰাইজে অৰ্দাৰ কৰা দৈ প্ৰস্তুত হৈ উঠিছে । বাঘমাৰাৰ ম’হৰ দৈ পৰম্পৰাগতভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে মাঘ বিহুৱে হওঁক নতুবা বহাগ বিহুৱে হওঁক খাবলৈ উৎসুক হৈ থাকে । এইবাৰ বিহুৰ বাবে বাঘমাৰাত প্ৰায় ৭০ কুইণ্টল দৈ সাজু কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে । গুৱাহাটী, কোকৰাঝাৰ, হাজো, নলবাৰী, ৰঙিয়া, পাঠশালাকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানিৰ বাবে সাজু হৈ উঠিছে বাঘমাৰাৰ দৈ বিক্ৰেতাসকল ।

বিহু উপলক্ষে সাজু বজালীৰ বাঘমাৰাৰ দৈ

উল্লেখযোগ্য যে, বাঘমাৰৰ প্ৰদীপ হীৰাই প্ৰায় ১৫ বছৰ ধৰি দৈ গাখীৰৰ ব্যৱসায়ী কৰি আহিছে । ম'হৰ গাখীৰৰ কাটাসমূহ ৰাজাবিল পাহাৰীয়া অঞ্চলৰ পৰা সংগ্ৰহ কৰি আহিছে প্ৰদীপ হিৰাই । বিগত বছৰ লক ডাউনৰ কাৰণে বিক্রেতাসকলে লোকচানৰ সম্মুখীন হ’বলগা হৈছিল যদিও এই বছৰ ৰঙালী বিহুত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ লাভ কৰিছে বিক্রেতাই । বহাগ বিহুৰ সময়ত প্ৰায় ২-৩ মোনলৈকে গাখীৰ অৰ্ডাৰ লাভ কৰিছে বজালীৰ বাঘমাৰৰ ব্যৱসায় প্ৰদীপ হিৰাই ।

লগতে পঢ়কঃ গুৱাহাটীত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.