ETV Bharat / state

জনীয়া-বাঘবৰত বানৰ বিভীষিকাঃ কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন-জনপ্ৰতিনিধি

author img

By

Published : Jul 27, 2020, 12:16 PM IST

চৰকাৰ তথা প্ৰশাসনৰ চৰম অৱহেলাৰ বাবে বিগত এমাহ ধৰি পৰিয়ালসহ কেচুৱা লৈ গৰু, ম'হ, ছাগলী, ভেড়া, হাহঁ, কুকুৰা একেলগে আশ্ৰয় লৈ ইতৰ প্ৰাণীৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে বানাক্ৰান্তই ৷

ASSAM FLOOD UPDATE
জনীয়া-বাঘবৰত বানৰ বিভীষিকা : কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন-জনপ্ৰতিনিধি

বৰপেটা, 27 জুলাই : বৰপেটা জিলাৰ জনীয়া আৰু বাঘবৰ সমষ্টিত অব্যাহত আছে বানৰ সংহাৰ ৷ বাঘবৰ সমষ্টিৰ ঐতিহাসিক মান আৰু আহোমৰ শেষ ৰণস্থলী হাদীৰাচকীৰ, ইতিহাস গঢ়কা মইনবড়ী আৰু ফুলৰা চতলা, মইনবড়ী সত্ৰ, চিকাটাৰী, দীৱলদী, জয়পুৰ গাঁৱত এতিয়াও পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ‌ । ঘৰ বাৰী এৰি ওখ ঠাই, নাৱত আশ্ৰয় লৈছে বৰ্ণাত্যই । চৰকাৰ তথা প্ৰশাসনৰ চৰম অৱহেলাৰ বাবে বিগত এমাহ ধৰি পৰিয়ালসহ কেচুৱা লৈ গৰু, ম'হ, ছাগলী, ভেড়া, হাহঁ, কুকুৰা একেলগে আশ্ৰয় লৈ ইতৰ প্ৰাণীৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে বানাক্ৰান্তই ৷ সীমাহীন দুখ কষ্টৰে অনিদ্ৰা অনাহাৰে দিন ৰাতি পাৰ কৰিছে এইসকল লোকে ।

জনীয়া-বাঘবৰত বানৰ বিভীষিকা : কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন-জনপ্ৰতিনিধি

খাদ্য সংকটত পৰি অঞ্চলকেইটাৰ বহুতো পশু মৃত্যু মুখত পৰিছে । বিশুদ্ধ খোৱাপানীৰ অভাৱত বানাক্ৰান্তই সেৱন কৰিবলৈ বাধ্য হৈছে নৈৰ লেতেৰা পানী ৷ যাৰ ফলত এওঁলোকৰ মাজত দিনে-দিনে দেখা দিছে বিভিন্ন বেমাৰে । বানপানীৰ প্ৰৱল সোঁতে ইতিমধ্যেই উটুৱাই নিছে বহুতৰে ঘৰ-দুৱাৰ, ভেটি-মাটিৰ লগতে পশুধন । এতিয়াও পানীৰ তলতে ডুবি আছে কৃষক সকলৰ হাজাৰ-হাজাৰ হেক্টৰ শস্যৰ কৃষিভূমি ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ঐতিহাসিক চতিয়া থানাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.