ETV Bharat / state

ASHA Workers Protest: চিকিৎসালয়ত দুৰ্ব্যৱহাৰ; চিকিৎসকৰ বিৰুদ্ধে ক্ষোভিত আশা কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Aug 22, 2023, 9:06 AM IST

বৰপেটাত চিকিৎসকৰ বিৰুদ্ধে প্ৰতিবাদ আশাকৰ্মীৰ ৷ চিকিৎসকে অভব্য আচৰণ কৰাৰ অভিযোগত প্ৰতিবাদ আশাকৰ্মীৰ ৷ বৰপেটাৰোডৰ প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ প্ৰদীপ ৰাজবংশীৰ বিৰুদ্ধে বিভিন্ন অনিয়মৰ অভিযোগ ৷

ASHA Worker Protest in Barpeta
চিকিৎসকৰ অশালীন ব্যৱহাৰত ক্ষোভিত আশাকৰ্মী

চিকিৎসকৰ অশালীন ব্যৱহাৰত ক্ষোভিত আশাকৰ্মী

বৰপেটাৰোড, 21 আগষ্ট : চিকিৎসকৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আশাকৰ্মী ৷ বৰপেটাৰোডৰ ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ প্ৰদীপ ৰাজবংশীয়ে আশাকৰ্মীক অশালীন আৰু অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আশাকৰ্মীক কৰা অভব্য আচৰণৰ বিৰুদ্ধে সোমবাৰে চিকিৎসালয়খনত এক প্ৰতিবাদ সাব্যস্ত কৰে আশাকৰ্মীসকলে ৷

অভিযোগ অনুসৰি আশাকৰ্মীয়ে নিজৰ নিজৰ এলেকাৰ প্ৰসূতিক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসক ডাঃ প্ৰদীপ ৰাজবংশীয়ে প্ৰসূতিক চিকিৎসাত গাফিলতি কৰে ৷ আনকি আশাকৰ্মীয়ে বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা প্ৰসূতিক ডাঃ প্ৰদীপ ৰাজবংশীয়ে চিকিৎসা প্ৰদান নকৰি চিকিৎসালয়ত কৰ্মৰত আন এগৰাকী প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ অৰূপ কলিতাক দেখুৱাবলৈ পৰামৰ্শ দিয়ে ৷

লগতে ডাঃ প্ৰদীপ ৰাজবংশীয়ে আশাকৰ্মীসকলক ডাঃ অৰূপ কলিতাই 3 পৰা 4 হাজাৰকৈ টকা কমিচন দিয়াৰ কথা কয় বুলি অভিযোগ উত্থাপন কৰে আশাকৰ্মীয়ে ৷

আনহাতে, চিকিৎসক ডাঃ প্ৰদীপ ৰাজবংশীয়ে আশাকৰ্মী সকলক বদমাছ বুলিও আখ্যা দিয়ে ৷ তাৰোপৰি নিজৰ কমিচনৰ অংক কৰি ডাঃ প্ৰদীপ ৰাজবংশীয়ে একাংশ প্ৰসূতিক বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয়ৰ পৰা বৰপেটাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদী আশাকৰ্মীসকলে ।

‘‘প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ প্ৰদীপ ৰাজবংশীয়ে বৰপেটাৰোডৰ চিকিৎসালয়ৰ পৰিৱৰ্তে নিজৰ ব্যক্তিগত চেম্বাৰতেই অধিক সময় থাকে ৷ চিকিৎসালয়ত থকাৰ সময়ত সামান্য কথাতে আশা কৰ্মীক গালি গালাজ পাৰে ৷ ৰোগী থাকিলেও আহাৰ গ্ৰহণৰ বাবে গুচি যায় ৷ ৰোগীসকলক ডাঃ অৰূপ কলিতাক দেখুৱাবলৈ পৰামৰ্শ দিয়ে দায়িত্ব সামৰে ৷ আমাক ন্যায় লাগে ৷ ’’ এই মন্তব্য প্ৰতিবাদী আশাকৰ্মীৰ ৷

লগতে পঢ়ক: Brawl Between Groups : কলগছক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.