ETV Bharat / state

কৃত্ৰিম বানত বুৰ গৈছে কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Jun 29, 2021, 3:58 PM IST

হঠাৎ অহা এজাক বৰষুণৰ ফলতে কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ ভিতৰ ভাগ ভৰি পৰিল পানীৰে ৷ ৰাজ্যত চলি থকা মেগা ভেকচিনেশ্বন(mega vaccination)ৰ সময়তে এনেদৰে কেন্দ্ৰটো বুৰ যোৱাত নষ্ট হৈ গৈছে ক'ভিড প্ৰতিষেধকৰ লগতে আন আন চিকিৎসা সঁজুলি ৷

kalgachia subdivision health center
কৃত্ৰিম বানত বুৰ গৈছে কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰ

জনীয়া, 29 জুন: এজাক বৰষুণতে বানত বুৰিল বৰপেটা জিলা(barpeta district)ৰ কলগাছিয়াৰ এটা স্বাস্থ্য কেন্দ্ৰ (health center) ৷ হঠাৎ অহা এজাক বৰষুণৰ ফলতে কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ ভিতৰ ভাগ ভৰি পৰিল পানীৰে ৷ যাৰ ফলত বন্ধ হৈ পৰিল কেন্দ্ৰটোৰ সকলো কাম-কাজ ৷ ৰাজ্যত চলি থকা মেগা ভেকচিনেশ্বন(mega vaccination)ৰ সময়তে এনেদৰে কেন্দ্ৰটো বুৰ যোৱাত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

পূৰ্বৰ পৰা এনেদৰে কৃত্ৰিম বান(artificial flood)ত বুৰ গৈ আহিছে স্বাস্থ্য কেন্দ্ৰটো ৷ প্ৰতিবছৰে বাৰিষা আহিলেই স্বাস্থ্য কেন্দ্ৰটো বন্ধ ৰাখিবলগীয়া হয় স্বাস্থ্য কৰ্মী সকলে ৷ কাৰণ কেন্দ্ৰটোত প্ৰৱেশ কৰাৰ কোনো উপায় নাথাকে ৷ বিভাগীয় কৰ্তৃপক্ষক বাৰাম্বাৰ জনাই অহাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মী সকলে ৷

কৃত্ৰিম বানত বুৰ গৈছে কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰ

এইবেলি পুনৰ এজাক বৰষুণতে বুৰ গৈছে স্বাস্থ্য কেন্দ্ৰটো ৷ কৃত্ৰিম বানত কেন্দ্ৰটোৰ সকলো আচবাব পানীত ডুব যোৱাৰ লগতে নষ্ট হৈ গৈছে ক'ভিড প্ৰতিষেধক ৷ আঠুলৈকে পানী সোমোৱা স্বাস্থ্য কেন্দ্ৰটোত কাৰ্টনে কাৰ্টনে নষ্ট হৈ গ'ল বহু ঔষধৰ লগতে আন আন চিকিৎসা সঁজুলি ৷ ইফালে পানীত আবদ্ধ হৈ পৰিছে স্বাস্থ্য কেন্দ্ৰটোত থকা একমাত্ৰ এম্বুলেঞ্চখনো ৷ যাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোক সকল ৷

স্থানীয় ৰাইজৰ অভিযোগ, পূৰ্বৰ পৰাই জনপ্ৰতিনিধি তথা কৰ্তৃপক্ষক জনোৱাৰ পাচতো আজিলৈকে কেন্দ্ৰটো পৰিদৰ্শনৰ বাবে নাহিল কোনো এজন শীৰ্ষ বিষয়া ৷ সততে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কথা কোৱা পূৰ্বৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰ এনে অৱস্থাই চিন্তিত কৰি তুলিছে অঞ্চলবাসীক ৷ কেন্দ্ৰটোৰ চৌপাশত নলাৰ সু-ব্যৱস্থা নথকাৰ ফলতে প্ৰতিবছৰে এনেদৰে বানত বুৰ গৈ থাকে কেন্দ্ৰটো ৷

সেয়েহে, এই সমস্যাৰ এক স্থায়ী সমাধান কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ লগতে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক আৰু জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু পঞ্চায়ত প্ৰতিনিধি সকলক আহ্বান জনাইছে স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজে ।

লগতে পঢ়ক: কলগাছিয়াৰ বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.