Jihadi in Barpeta: ৯ জেহাদীক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

author img

By

Published : Aug 7, 2022, 6:51 PM IST

Jihadi in Barpeta

বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আদালতত হাজিৰ কৰোৱা হয় ৮ জেহাদীক ৷ ২৭ আৰু 32 জুলাই গ্ৰেপ্তাৰ কৰা হৈছিল জেহাদী কেইটাক ৷

বৰপেটা, ৭ আগষ্ট: ৰাজ্যত জেহাদৰ জাল পেলোৱা ৯ জেহাদীক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ (Jihadi produced at Barpeta CJM court) ৷ বৰপেটা আৰক্ষীয়ে অভিযান চলাই যোৱা ২৭ জুলাইত ৮ টা আৰু ৩১ জুলাইত এটা জেহাদীক গ্ৰেপ্তাৰ কৰিছিল (Jihadi arrested in Barpeta)৷ পৰৱৰ্তী সময়ত ধৃত ৮ জেহাদীক ৯ দিনৰ আৰক্ষী জিম্মাত লোৱাৰ বিপৰীতে হান্নানুল ইছলাম নামৰ জেহাদীটেক ৮ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে ৷

আটাইকেইটা জেহাদীৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছতে দেওবাৰে ৯ জেহাদীক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত (Barpeta CJM court) হাজিৰ কৰায় আৰক্ষীয়ে ৷ আদালতত হাজিৰ কৰোৱা ধৃত ৯ জেহাদী জুবেইৰ খান, ৰফিকুল ইছলাম, দেৱান হামিদুল ইছলাম, মইনুল হক, কাজিবুৰ হুছেইন, ছাহজাহান আলী, মজিবৰ ৰহমান, ছাহনুৰ আলম আৰু হান্নানুল ইছলাম ৷

আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছত আদালতত হাজিৰ কৰোৱা ধৃত ৯ জেহাদীৰ ভিতৰত ৩ জেহাদীক পুনৰ নিজৰ জিম্মাত বিচাৰি আৰক্ষীয়ে আদালতত আবেদন বিচৰাৰ সম্ভাৱনা আছে ৷ ইপিনে আবুবক্কৰ চিদ্দিক নামৰ আন এটা জেহাদী এতিয়াও বৰপেটা সদৰ থানাত ৫ দিনৰ আৰক্ষী জিম্মাতে আছে ৷

৯ জেহাদীক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

ভাৰত উপমহাদেশ সামৰি খলিফা ৰাষ্ট্ৰ গঠনৰ বাবে AQIS ৰ নেতৃত্বত আনছাৰুল্লাহ বাংলা টীমৰ সৈতে জড়িত হৈ দেশত জেহাদৰ জাল বিয়পোৱা ধৃত ১০ জেহাদীক বৰপেটা আৰক্ষী, অসম আৰক্ষীৰ বিশেষ শাখাৰ লগতে পশ্চিম বংগৰ পৰা অহা SIT গোট, পশ্চিমবংগৰ পৰা অহা IB, দেশৰ বিভিন্ন নিৰাপত্তা বাহিনীৰ চোৰাংচোৱা গোটসমূহৰ লগতে দেশৰ আন বহু এজেঞ্চীয়ে বৰপেটাত বাহৰ পাতি নিৰন্তৰ জেৰা চলাইছে ৷

বাংলাদেশৰ পৰা আহি AQIS ৰ জেহাদীয়ে বৰপেটাত বাহৰ পাতি বৰপেটাৰ পৰাই সমগ্ৰ দেশতে জেহাদৰ জাল পেলোৱা ঘটনাই নিশ্চিতভাৱে দেশৰ নিৰাপত্তা বাহিনীসমূহৰ লগতে চোৰাংচোৱা সংস্থাসমূহৰ বাবেও বৰপেটাত ধৃত জেহাদীৰ গুৰুত্ব বৃদ্ধি পাইছে ৷

লগতে পঢ়ক: ABT Linkman Arrest at Bilasipara: বিলাসীপাৰাত আনছাৰুল্লা বাংলা টীমৰ সদস্যৰ পত্নীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.