ETV Bharat / state

Heated situation at Anganwadi centre: শিশুৰ বাবে অহা সামগ্ৰী হৰলুকিৰ অভিযোগ

author img

By

Published : Jul 16, 2022, 2:31 PM IST

অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি(Heated situation at Anganwadi centre) ৷ ছাত্ৰ-ছাত্ৰীলৈ অহা সামগ্ৰী বস্তাই বস্তাই লুকুৱাই ৰাখিলে কেন্দ্ৰৰ কৰ্মীয়ে (Anganwadi Worker Corruption at Kalgasia )৷

Anganwadi Worker Corruption at Kalgasia
শিশুৰ বাবে অহা সামগ্ৰী হৰলুকিৰ অভিযোগ

কলগাছিয়া, 16 জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তত অংগনৱাড়ী কেন্দ্ৰসমূহৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এইবাৰ কলগাছিয়াৰ ৪২ নং মনাকছা অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Anganwadi Worker Corruption at Kalgasia) ৷ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকলৈ অহা সামগ্ৰীসমূহৰ হৰলুকি কৰাৰ সন্দেহত অংগনৱাড়ীৰ পৰ্যবেক্ষৰ বিৰুদ্ধে গৰজি উঠিল স্থানীয় লোকে ৷ ইয়াতে ক্ষান্ত নাথাকি স্থানীয় ৰাইজে কেন্দ্ৰটোৰ ভিতৰত তালাচী চলাই বহুতো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বানপানী হোৱাৰ আগতো শিশুলৈ কিতাপৰ লগতে অন্যান্য খেলনা সামগ্ৰী আহিছিল ৷ কিন্তু সকলোবোৰ কেন্দ্ৰটোৰ পৰ্যবেক্ষকগৰাকীয়ে বিতৰণ নকৰি নিজৰ ঘৰত সোমোৱাই থৈ দিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

শিশুৰ বাবে অহা সামগ্ৰী হৰলুকিৰ অভিযোগ

এই পৰিস্থিতিৰ পৰা মূৰ পোলোকা মাৰি পলায়ন কৰিব বিচৰা কেন্দ্ৰটোৰ পৰ্যবেক্ষক জাহানাৰা খাতুন আৰু সহায়িকা মাজেদা খাতুনক আবদ্ধ কৰি ৰাখে উত্তপ্ত ৰাইজে ৷ ৰাইজে কেন্দ্ৰটোৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে আৱণ্টিত হোৱা খেল ধেমালিৰ সামগ্ৰী, জোতা, পানীৰ বটল, ইউনিফৰ্ম, স্কুল বেগকে ধৰি অভিভাৱকৰ বাবে অহা খাদ্য সামগ্ৰীও উদ্ধাৰ কৰে ৷

ইফালে অংগনৱাড়ী কেন্দ্ৰৰ পৰ্যবেক্ষক জাহানাৰাই অংগনৱাড়ী কেন্দ্ৰটোত চালি নাই কাৰণেই কৰ্মীৰ ঘৰত আৱণ্টিত হৈ অহা সামগ্ৰীসমূহ ৰখা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৷ কেন্দ্ৰটোৰ একাংশ শিশুক সামগ্ৰী সমূহ বিতৰণ কৰাৰ বিপৰীতে আন একাংশক বিতৰণ কৰিবলৈ বাকী আছে বুলি সংবাদমাধ্যমক জনায় ৷

ইয়াৰোপৰি কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতিয়ে বিতৰণত খেলিমেলিৰ হোৱাৰ কথা স্বীকাৰ কৰে ৷ অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে এই বিষয়ত তদন্তৰ আশ্বাস দিছে স্থানীয় লোকক ৷

লগতে পঢ়ক : Miscreants Dig hills: বন বিভাগৰ ছত্ৰছায়াত সোণাপুৰত পাহাৰ খনন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.