ETV Bharat / state

যাদুঘৰ-খেলঘৰ সংযুক্ত পাঠশালাৰ এখন ব্যতিক্ৰমী বিদ্যালয়

author img

By

Published : Dec 30, 2021, 8:29 PM IST

পাঠশালাৰ এখন চৰকাৰী উচচ মাধ্যমিক বিদ্যালয়ৰ এক ইতিবাচক পদক্ষেপ ৷ এগৰাকী প্ৰধান শিক্ষকৰ নেতৃত্বত বিদ্যালয়ত মুকলি কৰা হৈছে একোটাকৈ যাদুঘৰ আৰু খেলঘৰ ৷ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা বিদ্যালয়খনৰ এই পদক্ষেপ সঁচাই প্ৰশংসনীয় ৷

bajali
বজালীৰ এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ

পাঠশালা, 30 ডিচেম্বৰ : বজালীৰ উত্তৰ প্ৰান্তৰ এখন চৰকাৰী বিদ্যালয় অকয়া উচচ মাধ্যমিক বিদ্যালয় ৷ এক ব্যতিক্ৰমী পদক্ষেপৰ বাবে চৰ্চালৈ আহিছে এই বিদ্যালয়খন (An exceptional step taken at a govt school) ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয় চৌহদতে নিৰ্মাণ কৰি উলিয়াইছে যাদু ঘৰ আৰু খেল ঘৰ ৷

অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰা অসমীয়াৰ ঐতিহ্য বহনকাৰী কিছু সমল সংৰক্ষণৰ উদ্দেশ্যে (Preservation of assamese heritage) প্ৰধান শিক্ষক গৌতম দত্তই এই ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লয় ৷ ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ সহায়ক হোৱাকৈ তেওঁ এই যাদুঘৰটো স্থাপনৰ সিদ্ধান্ত লয় (Museum in school campus) ৷ তাৰ সমান্তৰালকৈ স্কুলীয়া শিক্ষাৰ্থী সকলে যাতে খেল-ধেমালি কৰি শাৰিৰীক বিকাশ ঘটাব পাৰে তাৰ প্ৰতিও সজাগ প্ৰধান শিক্ষক গৰাকীয়ে লগতে এটা খেল ঘৰো স্থাপন কৰে (Play house in school campus) ৷

বজালীৰ এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ

বুধবাৰে এই যাদু ঘৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ তেওঁ কয় যে অসমত হয়তো এইখনেই প্ৰথম বিদ্যালয় যত ছাত্ৰ-ছাত্ৰীৰ বাবে এনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ এই আদৰণীয় পদক্ষেপৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পিছতে বিদ্যালয় চৌহদত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় যত বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামী,পাঠশালা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গিৰিশ পাটগিৰি কে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : এখন চৰকাৰী বিদ্যালয় য’ত সংৰক্ষিত হৈছে অসমীয়া সমাজ জীৱনৰ বহু আপুৰুগীয়া সম্পদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.