ETV Bharat / state

Assembly election 2023: তিনি ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয় সন্দৰ্ভত AIUDFৰ প্ৰতিক্ৰিয়া

author img

By

Published : Mar 4, 2023, 8:39 PM IST

তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কথা উল্লেখ কৰি এয়া কংগ্ৰেছৰ দুৰ্দিন বুলি মন্তব্য AIUDF ৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ ৷ চৰকাৰে চলোৱা উচ্ছেদ অভিযানক অসমৰ মুখ্যমন্ত্ৰীৰ হিটলাৰী শাসন বুলিও সমালোচনা বিধায়কগৰাকীৰ (Hafiz Rafiqul Islam slams BJP) ৷

Assembly election 2023
তিনি ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয় সন্দৰ্ভত AIUDFৰ প্ৰতিক্ৰিয়া

তিনি ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয় সন্দৰ্ভত AIUDFৰ প্ৰতিক্ৰিয়া

বৰপেটা, 4 মাৰ্চ: মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ জনিয়াৰ AIUDFৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ৷ উচ্ছেদ অভিযানৰ প্ৰসংগতো বিজেপি চৰকাৰকো সমালোচনা AIUDFৰ বিধায়কগৰাকীৰ ৷ কংগ্ৰেছ দলৰ পৰাজয়ক লৈয়ো মন্তব্য হাফিজ ৰফিকুল ইছলামৰ (AIUDF MLA Hafiz Rafiqul Islam) ৷

কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় (Hafiz Rafiqul Islam on congress), ‘‘ ৰাহুল গান্ধী এদিন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ বাদে প্ৰিয়ংকা গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেকে ধৰি কোনো এজন নেতাই প্ৰচাৰ চলাবলৈ নাহিল ৷ কংগ্ৰেছ দলৰ প্ৰকৃততে কি হৈছে সেয়া ক’ব পৰা নাযায় ৷ কংগ্ৰেছৰ বাবে এয়া এক অশনি সংকেত ৷’’

লগতে তেওঁ কয়, ‘‘মেঘালয়ত NPP দলৰ যোৱা বৰ্ষত চৰকাৰ আছিল, এইবাৰ কেইখনমান আসন কম আছে ৷ কিন্তু মেঘালয়ত এইবাৰ বিজেপিক বাতিল কৰিছে ৷ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ৰ মন্ত্ৰীসকলে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও বিজেপিয়ে বিশেষ আসন লাভ কৰা নাই ৷ মেঘালয়ত NPP দলক ৰাইজে আঁকোৱালি লৈছে (Meghalaya assembly election results) ৷’’

আনফালে, নাগালেণ্ডত বিজেপিয়ে নাগালেণ্ডৰ স্থানীয় দলৰ লগত মিলি কৌশলগতভাৱে জয় বুলি দেখাই আছে যদিও কিন্তু ৰাইজে বিজেপিক আঁকোৱালি লোৱা নাই বুলি উল্লেখ কৰে ৷ ইফালে, ত্ৰিপুৰাত যোৱা নিৰ্বাচনত বিজেপিৰ যিমানখিনি আসন আছিল এইবাৰ আসন তাতকৈ কমি গৈছে যদিও বিজেপিয়ে জিকিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে ।

ইফালে, কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ কয়, ‘‘ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত কংগ্ৰেছৰ শক্তিশালী ভেটি আছিল ৷ পাঁচ বছৰৰ আগত মেঘালয়ৰত একেৰাহে কংগ্ৰেছৰ চৰকাৰ আছিল । তেনে স্থলত কংগ্ৰেছে 60 খন আসনৰ মাজত মাত্ৰ 5 খন আসন পাবলৈ সক্ষম হৈছে । এয়া কংগ্ৰেছৰ বাবে দুৰ্দিন ৷’’

আনহাতে চৰকাৰে চলোৱা উচ্ছেদ অভিযান কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি বিধায়ক ৰফিকুল ইছলামে মন্তব্য কৰে (AIUDF reacts to eviction drive) ৷ লগতে কয়, ‘‘চৰকাৰক এয়াৰপৰ্ট বনাবলৈ, ৰে’ল ষ্টেচন বনাবলৈ, বিশ্ববিদ্যালয়-মহাবিদ্যালয় বনাবলৈ মাটিৰ প্ৰয়োজন হ’লে চৰকাৰে চৰকাৰী মাটি ল’ব পাৰে ৷ কিন্তু তাৰ এটা প্ৰক্ৰিয়া আছে ৷ এই প্ৰক্ৰিয়াৰ মাজেদি গৈ উন্নয়নমূলক কাম কৰিব পাৰে । কিন্তু কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰি 30-40 বছৰে বসবাস কৰা লোকসকলৰ ঘৰ এফালৰ পৰা বুলড’জাৰেৰে ভাঙি ৰাস্তাৰ ভিক্ষাৰী কৰি তুলিছে (Assam eviction drive) ৷’’

এই উচ্ছেদ অভিযানক, অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ এক হিটলাৰী শাসন বুলিও মন্তব্য কৰে সংখ্যালঘু বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: BJP Strength in NE Region : বিজেপিৰ শক্তি বাঢ়িলনে কমিল ? উত্তৰ-পূবৰ ৩ ৰাজ্যৰ ফলাফলে কি কয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.