ETV Bharat / state

অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

author img

By

Published : Oct 2, 2022, 1:41 PM IST

এইবাৰ অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱসত বৰপেটাত বিশাল আয়োজন (AGP foundation day at Barpeta)। ৫০ হাজাৰৰ পৰা ১ লাখ লোকৰ সমাগম হোৱাৰ আশা । দেওবাৰে অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে ।

AGP
AGPৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাই খুঁটা স্থাপন

বৰপেটা, ২ অক্টোবৰ : অহা ১৪ অক্টোবৰত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস (AGP foundation day)। দলটোৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস (38th foundation day of AGP) এইবাৰ বৰপেটা জিলাত ব্যাপকভাৱে উদযাপন কৰা হ'ব । যাৰ বাবে সাজু হৈছে দলটো ।

বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হ'ব প্ৰতিষ্ঠা দিৱসৰ বিশাল অনুষ্ঠান । তাৰ লগত সংগতি ৰাখি দেওবাৰে লাইখুঁটা স্থাপন কৰা হয় ৷ বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ডাঃ তাৰা প্ৰসাদ দাস, প্ৰাক্তন বিধায়ক ভূপেন ৰয়ৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে ৷

বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা অগপৰ সভাপতি গুণীন্দ্ৰ নাথ দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে প্ৰতিষ্ঠা দিৱসত ৫০ হাজাৰৰ পৰা ১ লাখ লোকৰ সমাগম হোৱাৰ আশা কৰা হৈছে ৷ অগপৰ এই প্ৰতিষ্ঠা দিৱসৰ পৰাই নামনি অসমৰ ৪০ টা বিধানসভা সমষ্টিত অগপ দলক শক্তিশালী কৰি তোলাৰ পৰিকল্পনা কৰা হ'ব ৷ আগন্তুক দিনত অগপই অসমত ভালকৈ খোপনি পুতিব পাৰিব বুলিও আশাবাদী নেতাগৰাকী ।

AGPৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাই খুঁটা স্থাপন

অসম গণ পৰিষদ দল শক্তিশালী হ'লেহে অসমৰ উন্নয়ন হ'ব বুলি দাবী কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে (AGP leader speak over party strategy in Barpeta)৷ তেওঁৰ মতে ৰাষ্ট্ৰীয়তাবাদী দলতকৈ জাতীয়তাবাদী দলে অসমৰ জনসাধাৰণৰ ভাৱ, আবেগ, দুখ-বেদনা আদি ভালদৰে বুজি পায় আৰু তেনে দলত কথা কোৱাৰ সুবিধা থাকে বুলি তেওঁ উল্লেখ কৰে ৷ আঞ্চলিকতাবাদেহে অসমৰ সমস্যা সমাধান কৰিব পাৰিব বুলি দাবী কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ।

আঞ্চলিকতাবাদ শক্তিশালী হ'লেহে ৰাষ্ট্ৰীয়তাবাদ আৰু দেশ শক্তিশালী হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে অগপৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনত মিত্ৰজোঁট বিজেপিয়ে বৰপেটা লোকসভা সমষ্টি অগপক এৰি দিব বুলিও আশাবাদী বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস ৷

লগতে পঢ়ক :উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে পৰিস্কাৰ চহৰৰ খিতাপ অৰ্জন কৰিলে ৰঙিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.