ETV Bharat / state

হৰেকৃষ্ণ মহন্তলৈ ২০২১ বৰ্ষৰ 'বৰপেটা বঁটা'

author img

By

Published : Apr 8, 2021, 4:55 PM IST

সত্ৰীয়া সংস্কৃতিৰ সাধক হৰেকৃষ্ণ মহন্তলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ 'বৰপেটা বঁটা' । বৃহস্পতিবাৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এখন সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে । পহিলা বহাগত বৰপেটাত হৰেকৃষ্ণ মহন্তক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব ।

হৰেকৃষ্ণ মহন্তলৈ ২০২১ বৰ্ষৰ 'বৰপেটা বঁটা'
হৰেকৃষ্ণ মহন্তলৈ ২০২১ বৰ্ষৰ 'বৰপেটা বঁটা'

বৰপেটা, ৮ এপ্ৰিল: চলিত বৰ্ষত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ আগবঢ়াইছে 'বৰপেটা বঁটা' । ওদালগুৰি জিলাৰ বৰঙাজুলিৰ লগতে জনগোষ্ঠীয় অঞ্চলত ২৮ খন সত্ৰ স্থাপন কৰিছে সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীয়ে ৷

বড়ো, আদিবাসীকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোকৰ মাজত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ চলাই আহিছে হৰেকৃষ্ণ মহন্তই ৷ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে হৰেকৃষ্ণ মহন্তলৈ আগবঢ়োৱা হৈছে এই বঁটা ৷ বৃহস্পতিবাৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এখন সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে ।

হৰেকৃষ্ণ মহন্তলৈ ২০২১ বৰ্ষৰ 'বৰপেটা বঁটা'

পহিলা বহাগত বৰপেটাত হৰেকৃষ্ণ মহন্তক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব । আনহাতে, ৯৪ বছৰ বয়সতো গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰচাৰৰ বাবে কাম কৰি থকা হৰেকৃষ্ণ মহন্তক 'শ্ৰীমন্ত শংকৰদেৱ বঁটা' প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে বৰপেটা ছাত্ৰ সন্থাই ।

ইফালে, পহিলা বহাগত অনুষ্ঠিত হ'বলগীয়া বিহুৰ অনুষ্ঠানত হৰেকৃষ্ণ মহন্তৰ লগতে বৰপেটাৰ ৩০ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষককো সন্মানিত কৰা হ'ব ।

লগতে পঢ়ক:ভিচিডিচিৰ অধ্যক্ষ বিকেন বড়োৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.