ETV Bharat / state

চেতনা দাসলৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ বৰপেটা বঁটা

author img

By

Published : Apr 4, 2019, 4:06 PM IST

বিশিষ্ট অভিনেত্ৰী চেতনা দাসলৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ বৰপেটা বঁটা ৷ পহিলা বহাগত আছুৱে অভিনেত্ৰীগৰাকীক প্ৰদান কৰিব এই বঁটা

চেতনা দাসলৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ বৰপেটা বঁটা

বৰপেটা, ৪ এপ্ৰিলঃঅসমীয়া সমাজ সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ বৰঙণি যোগাই অহা লোকসকলক প্ৰতিবছৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰি আহিছে বৰপেটা বঁটা ৷ চলিত বৰ্ষত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বিশিষ্ট অভিনেত্ৰী চেতনা দাসক এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে ৷ বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা সদৰি কৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে।

চেতনা দাসলৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ বৰপেটা বঁটা
Intro:


বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই   বিশিষ্টা অভিনেত্ৰী চেতনা দাসক প্ৰদান কৰিব 'বৰপেটা বঁটা' ৷ বৰপেটা আঞ্চলিক ছাত্ৰসন্থাই বিশিষ্টা অভিনেত্ৰীগৰাকীক পহিলা বহাগৰ দিনটোত প্ৰদান কৰিব  ২০১৯ বৰ্ষৰ 'বৰপেটা বঁটা' ৷





Body:আজি এক সংবাদমেলযোগে এই কথা সদৰি কৰে বৰপেটা আঞ্চলিক ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ২০১৩ বৰ্ষৰ পৰা প্ৰদান কৰি আহিছে বৰপেটা বটা ৷ বৰপেটা আঞ্চলিক ছাত্ৰসন্থাই পহিলা বহাগত অনুষ্ঠিত বহাগ বিহুৰ অনুষ্ঠানতে এই বঁটা প্ৰদান কৰিব অভিনেত্ৰীগৰাকীক ৷ সত্ৰনগৰীহিচাপে খ্যাত ঐতিহ্যনগৰী বৰপেটাৰ নামত ছাত্ৰসন্থাই প্ৰতিবছৰে প্ৰদান কৰে এই বৰপেটা বঁটা ৷ 


Conclusion:SPEECH ঃ আছু নেতা, বৰপেটা ৷

বাপকন দাস, বৰপেটা 



ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.