ETV Bharat / state

AAMSU Protest : কলগাছিয়াৰ বৰভিঠাত পথ নিৰ্মাণৰ দাবীত আমছুৰ প্ৰতিবাদ

author img

By

Published : Apr 30, 2023, 12:58 PM IST

AAMSU Protest
AAMSU Protest

কলগাছিয়াৰ বৰভিঠাত বিপজ্জনক হৈ পৰিছে দুটা পথ । ব্যাহত হৈ পৰিছে জৰুৰীকালীন সেৱা । পথ নিৰ্মাণৰ দাবীত আমছুৱে সাব্যস্ত কৰে তীব্র প্ৰতিবাদ । বিধায়ক আৰু সাংসদক অতি সোনকালে পথ নিৰ্মাণৰ দাবী (AAMSU protest for demanding road construction) । অন্যথা অনাগত দিনত ৰাইজৰ ৰোষত পৰিব বুলি আমছুৰ হুংকাৰ ।

কলগাছিয়াৰ বৰভিঠাত পথ নিৰ্মাণৰ দাবীত আমছুৰ প্ৰতিবাদ

জনীয়া, ৩০ এপ্ৰিল : বৰপেটা জিলাৰ কলগাছিয়াৰ বৰভিঠাত পথৰ শোচনীয় অৱস্থা (poor road condition at Kalgachia in Barpeta) । ফলত বৰভিঠাত পথ নিৰ্মাণৰ দাবীত আমছুৰ লগতে ৰাইজে সাব্যস্ত কৰে তীব্র প্ৰতিবাদ (protest for demanding road construction) । বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বৰভিঠা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰভিঠা আপৰূপী-মহীয়া হৈ বৰটাৰী ৰাজ্যিক ঘাইপথলৈ যোৱা পথ আৰু গাৰালীপাম হৈ কান্দুলিয়া দুই নং ৰাজ্যিক ঘাইপথলৈ যোৱা পথৰ দুৰৱস্থাৰ বাবে ৰাইজে চৰম দুৰ্ভোগত ভুগিছে ।

উল্লেখযোগ্য যে বিগত ৩০ বছৰ ধৰি এই পথ দুটা যাতায়াতৰ বাবে অতি ভয়ংকৰ হৈ পৰিছে (AAMSU protest for demanding repairing road) । পথটোৰ এই শোচনীয় পৰিস্থিতিৰ বাবে আনকি ব্যাহত হৈ পৰিছে জৰুৰীকালীন সেৱাও । উল্লেখযোগ্য যে প্ৰতিদিনেই এই পথেৰে ৫-৬ হাজাৰ লোক কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়, বৰপেটা অসামৰিক চিকিৎসালয়, কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয় আৰু কেইবাখনো শিক্ষানুষ্ঠানলৈ যাতায়াত কৰে ।

উক্ত গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠানলৈ যাতায়াতৰ বাবে এয়াই হৈছে একমাত্ৰ পথ । কিন্তু পথৰ শোচনীয় অৱস্থাৰ মাজেৰে এক ভয় আৰু শংকাৰ মাজেৰে বৃহত্তৰ অঞ্চলটোৰ লোকসকলে যাতায়াত কৰিবলগা হৈছে । এই ক্ষেত্ৰত জনীয়া সমষ্টিৰ বিধায়ক তথা বৰপেটাৰ সাংসদগৰাকীক বহুবাৰ আবেদন-নিবেদন কৰা হৈছে । কিন্তু জনীয়াৰ বিধায়ক তথা বৰপেটাৰ সাংসদ কোনো এজন প্ৰতিনিধিৰে বিষয়টোত সুদৃষ্টি পৰা নাই । এই জনপ্ৰতিনিধিসকলে পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে এই বিধ্বস্ত পথেৰে যাতায়াত কৰোঁতে প্ৰতিদিনেই বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আহিছে । যাৰ বাবে ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত এই পথটো একপ্ৰকাৰ মৰণফান্দলৈ পৰ্যবসিত হৈছে । ফলত স্থানীয় ৰাইজে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । লগতে পথ দুটা শীঘ্ৰে মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ আহ্বান জনায় । অন্যথা আগন্তুক দিনত জনপ্ৰতিনিধিসকল ৰাইজৰ ৰোষত পৰিব বুলিও হুংকাৰ দিয়ে আমছুৱে ।

লগতে পঢ়ক :Road accident in Dhemaji: ধেমাজিৰ চিৰিপানীত ভয়ংকৰ পথ দুঘটনাত নিহত দুই

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.