ETV Bharat / state

Nellie Massacre : কলগাছিয়াত নেলী গণহত্যাৰ প্ৰতিবাদ আমছুৰ

author img

By

Published : Feb 18, 2023, 4:08 PM IST

jonia
jonia

কলগাছিয়াত নেলী গণ হত্যাৰ প্ৰতিবাদত আমছুৰ ক'লা দিৱস পালন (AAMSU black day in Kalgachia Barpeta) । কলগাছিয়া জিলা আমছুৱে কলগাছিয়া চাৰিআলিত ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

কলগাছিয়াত নেলী গণহত্যাৰ প্ৰতিবাদ আমছুৰ

জনীয়া, ১৮ ফেব্ৰুৱাৰী : ১৮ ফেব্ৰুৱাৰী । অসমৰ ইতিহাসৰ এটা ক'লা দিন বুলিব পাৰি । কিয়নো জুয়ে পোৰা ৮৩-ৰ এই দিনটোতেই অসমৰ কেইবা ঠাইতো সংঘটিত হৈছিল কেইবাটাও গণহত্যাৰ ঘটনা (Assam movement 1983) । আজিৰ দিনটোতেই ঐতিহাসিক অসম আন্দোলনৰ সময়ত নেলী, নগাবন্ধা, মুকালমুৱা, গহপুৰ, চাউলখোৱা আদি বিভিন্ন ঠাইত নিৰ্মম হত্যাকাণ্ড সংঘটিত হৈছিল (massacre in Assam movement) । ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে মৰিগাঁও জিলাৰ নেলী অঞ্চলত সংঘটিত গণহত্যাত চৰকাৰী হিচাপ মতে ২,১৯১ গৰাকী লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল (1983 Nellie massacre) ।

পৰৱৰ্তী সময়ত নেলী অঞ্চলত সংঘটিত হোৱা গণহত্যাৰ ভুক্তভোগীয়ে ৬৮৮ টা গোচৰ ৰুজু কৰা হৈছিল । তাৰে ৩১০ টা গোচৰত আৰক্ষীয়ে মহামান্য আদালতত অভিযোগনামা দাখিল কৰিছিল আৰু ৩৭৮ টা গোচৰ সাক্ষী-প্ৰমাণৰ অভাৱত আৰক্ষীয়ে বন্ধ কৰিছিল । আনহাতে, ১৯৮৩ চনৰ গণহত্যাৰ পিছত চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি উক্ত হত্য়াকাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল (Tiwari commission for Nellie massacre) । পৰৱৰ্তী সময়ত তিৱাৰী আয়োগে প্ৰতিবেদন দাখিল কৰে যদিও আজিলৈকে সেই প্ৰতিবেদন ৰাজহুৱা নহ'ল ।

সেয়ে নেলী অঞ্চলৰ ভুক্তভোগীয়ে আজিও ন্যায়ৰ পৰা বঞ্চিত হৈ আছে । সেই পাহৰিব নোৱাৰা ঘটনাৰ স্মৃতিতেই শনিবাৰে কলগাছিয়া জিলা আমছুৱে কলগাছিয়া চাৰিআলিত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে । লগতে তিৱাৰী আয়োগৰ প্ৰতিবেদন শীঘ্ৰে ৰাজহুৱা কৰিবলৈ দাবী জনায় । অন্যথা ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আমছুৱে (AAMSU protest against Nellie mass killing) ।

উল্লেখ্য, নেলীৰ হত্যাকাণ্ড হৈছে ১৯৮৩ চনত নগাঁও জিলাৰ নেলীত সংঘটিত সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ড । উক্ত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা প্ৰায় ছঘণ্টাজুৰি চলিছিল এই হত্যালীলা । চৰকাৰী হিচাবত ২,১৯১ জন লোকৰ প্ৰাণহানি হোৱা বুলি দেখুৱালেও বেচৰকাৰী সূত্ৰ মতে উক্ত সংখ্যা প্ৰায় ১০,০০০ । এই ঘটনাত ১৪ খন গাঁও আক্ৰান্ত হৈছিল । সেইকেইখন হৈছে আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটি পৰ্বত, মুলাধাৰী, মাটি পৰ্বত নং ৮, শিলভেটা, বৰবুৰী আৰু নেলী । আনহাতে, আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰ পৰা প্ৰব্ৰজিত মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি কোৱা হয় । সংখ্যালঘু সম্প্ৰদায়ৰ লোকক পৰিকল্পিতভাৱে বিদেশী আখ্যা দিয়াৰো পৰৱৰ্তী সময়ত অভিযোগ উঠিছিল ।

১৯৮৩ চনত অসম আন্দোলনৰ সময়ত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ ফলস্বৰূপে অসমৰ ঠায়ে ঠায়ে হিংসাত্মক ঘটনাৱলী সংঘটিত হৈছিল । নেলীৰ হত্যাকাণ্ডও আছিল তাৰেই এক অংশ । অসম আন্দোলনৰ নেতাসকলে অবৈধ অনুপ্ৰবেশকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই নিদিয়া পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ চৰকাৰক অনুৰোধ জনাইছিল । কিন্তু চৰকাৰে নিৰ্বাচন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাজ্যজুৰি ব্যাপক গণ-আন্দোলনৰ সূত্ৰপাত ঘটে । অৱশ্যে ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এই নিৰ্বাচনৰ ফলাফলক বাতিল কৰি নতুন নিৰ্বাচন অনুষ্ঠিত হয় ।

পৰৱৰ্তী সময়ত চৰকাৰে নেলীৰ হত্যাকাণ্ডত নিহত লোকৰ পৰিয়ালক ৫,০০০ টকাকৈ সাহায্য প্ৰদান কৰে । এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী আয়োগে ১৯৮৫ চনত অসম চৰকাৰক ৬০০ পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল কৰে । কিন্তু হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত লয় । হত্যাকাণ্ডৰ পিছত ৬৮৮ টা অপৰাধী গোচৰ ৰুজু কৰা হৈছিল আৰু ৩১০ জনকহে চাৰ্জশ্বীট দিয়া হৈছিল । বাকী ৩৭৮ টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হয় । চাৰ্জশ্বীট দিয়া ৩১০ টা গোচৰো অসম চুক্তিমতে ১৯৮৫ চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে । সেয়ে নেলী হত্যাকাণ্ডৰ লগত জড়িত কোনো লোকৰ আজিলৈকে বিচাৰ হোৱা নাই ।

লগতে পঢ়ক :Shah Alam killed in encounter : আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.