ETV Bharat / state

দুৰ্ঘটনাত হাত-ভৰি হেৰুৱা পিতৃৰ সৈতে জীৱন সংগ্ৰাম দুই সন্তানৰ

author img

By

Published : Jul 7, 2021, 11:04 PM IST

a-lifelong-struggle-with-a-father-who-lost-his-body-parts-in-an-accident
পিতৃৰ সৈতে জীৱন সংগ্ৰাম দুই সন্তানৰ

গোহালি সদৃশ পৰিবেশৰ মাজত এটা পৰিয়ালৰ কৰুণ কাহিনী ৷ দৰিদ্ৰতাই কোঙা কৰা বজালীৰ এটা দুৰ্ভগীয়া পৰিয়াল ৷ দুৰ্ঘটনাত হাত ভৰি হেৰুৱা পিতৃৰ সতে দুই সন্তানৰ জীৱন সংগ্ৰাম ৷

পাঠশালা, 7 জুলাই : চৰকাৰ আহে চৰকাৰ যায় ৷ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰতিবোৰ আধৰুৱা হৈয়ে ৰৈ যায় ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও বহু দৰিদ্ৰ পৰিয়াল আছে যিয়ে কেৱল মাত্ৰ ন্যূনতম সা-সুবিধাখিনিৰ পৰাও বঞ্চিত হৈ ৰৈছে ৷

বজালীৰ এটা দুৰ্ভগীয়া পৰিয়াল ৷ গোহালি সদৃশ পৰিৱেশৰ মাজত এটা পৰিয়ালৰ কৰুণ কাহিনী ৷ একমাত্ৰ এখন টিঙৰ চালিৰ তলত দৰিদ্ৰতাই কোঙা কৰা এটা পৰিয়ালটোৱে অতি দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে ৷ দুৰ্ঘটনাত হাত ভৰি হেৰুওৱা পিতৃৰ সৈতে জীৱন সংগ্ৰাম কৰি গৈছে দুটি সন্তানে ৷

পিতৃৰ সৈতে জীৱন সংগ্ৰাম দুই সন্তানৰ

চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়েও ঢুকি পোৱা নাই এই পৰিয়ালটোক ৷ বজালী মহকুমাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত কলবাৰী গাঁৱৰ নিবাৰন ঠাকুৰীয়া নামৰ এই ব্যক্তিজনে ট্ৰেইনত চানা বিক্ৰী কৰি পৰিয়ালৰ ভৰণ-পোষণ দি আহিছিল । 2015 চনৰ এপ্ৰিল মাহত নিবাৰনে ট্ৰেইনৰ পৰা পৰি এখন হাত হেৰুৱাৰ উপৰিও এখন ভৰিৰ এক অংশও চিৰদিনৰ বাবে হেৰুৱাইছিল ।

দুই সন্তানৰ এই গৰাকী দুৰ্ভগীয়া পিতৃয়ে নিজৰ দুৰ্ঘটনাৰ পূৰ্বে নিজ পত্নীকো চিৰদিনৰ বাবে হেৰুৱাইছিল । একমাত্ৰ এখন চালিঘৰৰ তলতে এতিয়া এইগৰাকী পিতৃয়ে খুজি মাগি নিজৰ দুই সন্তানক বিদ্যালয়ত শিক্ষা গ্ৰহণৰ সুবিধা দি অহাৰ উপৰিও লালন-পালন কৰি আহিছে । নিবাৰন ঠাকুৰীয়াৰ ডাঙৰ পুত্ৰ এইবাৰ দশম শ্ৰেণীত আৰু সৰু পুত্ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ।

কোনো ধৰণৰ চৰকাৰী উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা এই পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । এসাঁজ খাই এসাঁজ লঘোণে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে ভুক্ত ভোগী দুই পুত্ৰৰ সৈতে পিতৃ । এই পৰিয়ালটোলৈ কাণষাৰ নাই চৰকাৰ প্ৰশাসন অথবা জন প্ৰতিনিধিৰ ৷

বছৰ বছৰ ধৰি আবেদন কৰিও নাপালে চৰকাৰী আৱাস গৃহ। বিকশিত অসমৰ শ্ল’গান আওৰাই থকা দুৰ্নীতি মুক্ত অসমৰ কথা কোৱা চৰকাৰ প্ৰশাসনৰ এই সকল অতিকৈ দৰিদ্ৰ পৰিয়ালৰ প্ৰতি দৃষ্টি পৰিবনে নতুন চৰকাৰ খনৰ ? নে টিভি পেপাৰৰ ডাঙৰ ডাঙৰ বিজ্ঞাপনতে আবদ্ধ থাকিব আচনি সমূহ ? সেয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: বিহাৰলৈ যাবলৈ আহি কৰুণ মৃত্যুক সাৱতিলে এজন ব্যক্তিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.