ETV Bharat / state

Drama festival at Barpeta road: বৰপেটাৰোডত আৰম্ভ অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিবেশন

author img

By

Published : Jan 19, 2023, 8:38 PM IST

Drama festival at Barpeta road
বৰপেটাৰোডত আৰম্ভ অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিবেশন

ব্যাপক উলহ মালহেৰে আজিৰে পৰা আৰম্ভ হ’ল অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটাৰোড অধিবেশন ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক বৰ্ণাঢ্য বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

বৰপেটাৰোডত আৰম্ভ অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিবেশন

বৰপেটাৰোড, 19 জানুৱাৰী: অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটাৰোড অধিবেশনখন বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়(61st conference of Assam Natya Sanmilan) ৷ সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণি ক্ষেত্ৰত ব্যাপক উলহ মালহেৰে আয়োজন কৰা হয় অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিবেশনখন(Assam Natya Sanmilan Barpeta road conference) ৷

অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে পতাকা উত্তোলনেৰে এই অধিবেশনৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পাছতে আদৰণি সমিতিৰ সভাপতি পুলক চৌধুৰীকে ধৰি বিভিন্ন প্ৰান্তৰ নাট্যকাৰে 59 খন পতাকা উত্তোলন কৰে । অধিবেশনস্থলীত সৰ্বমুঠ 61 খন পতাকা উত্তোলন কৰা হয় । অধিবেশনৰ পতাকা উত্তোলনৰ পাছতেই অনুষ্ঠিত হয় এক বৰ্ণাঢ্য বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷

এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Dass) ।সাংস্কৃতিক শোভাযাত্ৰাত অংশ লোৱা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে সমগ্ৰ বৰপেটাৰোড চহৰ পৰিভ্ৰমণ কৰে । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, পূৰ্বৰে পৰাই পৰম্পৰাগতভাৱে অসমত নাটক চলি আহিছিল । পৰৱৰ্তী সময়ত ব্ৰজনাথ শৰ্মাদেৱে নাটকত মহিলাৰ চৰিত্ৰ সন্নিবিষ্ট কৰিছিল । তাৰ পাছত ভ্ৰাম্যমাণ নাটকৰ সৃষ্টি হ’ল ৷

তেওঁ আৰু কয় য়ে, পাছলৈ কিছুমান অপেচাদাৰী নাট্যদলৰ সৃষ্টি হ’ল আৰু সেই অপেচাদাৰী নাট্যকাৰসকলে অসম নাট্য সন্মিলন গঠন কৰিছিল । বৰ্তমান এই নাট্য সন্মিলনে 61 টা বৰ্ষ অতিক্ৰম কৰিলে ৷ নামনি অসমৰ সমন্বয় নগৰী বৰপেটাৰোডত 61 সংখ্যক নাট্য সন্মিলন অনুষ্ঠিত হোৱাত হিলদল ভাঙি মানুহ ওলাই আহিছে বুলি উল্লেখ কৰি অধিবেশনৰ আদৰণি সমিতি আৰু অসম নাট্য সন্মিলনক ধন্যবাদ জনায় মন্ত্ৰীগৰাকীয়ে(Drama festival at Barpeta road) ।

ইফালে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে নাট্য সন্মিলন অসমৰ এটি জাতীয় অনুষ্ঠান বুলি উল্লেখ কৰি 1959 চনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ নেতৃত্বত অসম নাট্য সন্মিলন গঠন কৰা হোৱাৰ কথা জানিবলৈ দিয়ে ৷ বৰপেটাৰোডত বিভিন্ন জাতি জনগোষ্ঠীৰলোকে একত্ৰিত হৈ এই নাট্য সন্মিলন শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি তেওঁ বিশ্ব দৰবাৰত এই নাটক প্ৰতিষ্ঠা কৰিবলৈ শক্তিশালীভাৱে অগ্ৰসৰ হ’বলৈ প্ৰচেষ্টা চলাব বুলি কয় ।

উল্লেখ্য যে, নাট্য সন্মিলনৰ অধিবেশনস্থলীত দিল্লী, কলকাতা, ছিকিম আৰু অসমৰ শিল্পীৰ দ্বাৰা 17 খনকৈ নাট মঞ্চস্থ কৰা হ’ব ৷ বলিউডৰ বিশিষ্ট পৰিচালক এম কে ৰাইনাক প্ৰদান কৰা হ’ব তৰণী কান্ত ৰয় জীৱনজোৰা সাধনা বঁটা (Lifetime Achievement Award to MK Raina) ৷ একেদৰে বিশিষ্ট নাট্য সংগঠক কৃষ্ণ ৰয়কো জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব এই অনুষ্ঠানত (Lifetime Achievement Award to Krishna Roy) ৷

লগতে পঢ়ক: Drama festival at Barpeta road: ভিন্নৰসী নাট্য সংলাপেৰে মুখৰিত হ’ব অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটাৰোড অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.