Drama festival at Barpeta road: ভিন্নৰসী নাট্য সংলাপেৰে মুখৰিত হ’ব অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটাৰোড অধিবেশন

author img

By

Published : Jan 13, 2023, 4:54 PM IST

61st conference of assam natya sanmilan

অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটাৰোড অধিৱেশনৰ প্রস্তুতি তুংগত উঠিছে (61st conference of Assam Natya Sanmilan) ৷ দিল্লী, কলকাতা, ছিকিম আৰু অসমৰ শিল্পীৰ দ্বাৰা 17 খনকৈ নাট মঞ্চস্থ কৰা হ’ব নাট্য সন্মিলনত ৷ বলিউডৰ বিশিষ্ট পৰিচালক এম. কে. ৰাইনাক প্ৰদান কৰা হ’ব তৰণী কান্ত ৰয় জীৱনজোৰা সাধনা বঁটা (Lifetime Achievement Award to MK Raina) ৷ বিশিষ্ট নাট্য সংগঠক কৃষ্ণ ৰয়কো জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব এই অনুষ্ঠানত (Lifetime Achievement Award to Krishna Roy) ৷

অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটা ৰোড অধিবেশন

বৰপেটাৰোড, 13 জানুৱাৰী : অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিৱেশনখনি এইবাৰ অনুষ্ঠিত হ’ব বৰপেটাৰোডত (61st conference of assam natya sanmilan)। অহা 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ হ’বলগীয়া এই অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি চলোৱা হৈছে । অধিৱেশনৰ অগ্ৰগতি আৰু কাৰ্যসূচী সম্পৰ্কত অৱগত কৰাৰ বাবে আদৰণি সমিতিৰ তৰফৰ পৰা শুকুৰবাৰে এখন সংবাদমেলৰ আয়োজন কৰা হয় ।

সংবাদমেলত আদৰণি সমিতিয়ে জনায় যে, অহা 18 জানুৱাৰীৰ সন্ধিয়া 5 বজাত সৈনিক শিল্পী ব্রজনাথ শৰ্মা সোঁৱৰণী ক্ষেত্ৰ উদ্বোধনেৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হ’ব ৷ ইয়াৰ পাছতেই জি.এল.চি মহাবিদ্যালয়ত প্রতিনিধি শিবিৰ মুকলি কৰা হ'ব ৷ সেইদিনাই লক্ষ্মীনাথ বেজবৰুৱা পুঁথিভড়াল আৰু প্ৰেক্ষাগৃহত সন্ধিয়া 5 বজাত কলিকতাৰ শিল্পী সকলে নিবেদন কৰিব বাংলা নাট ‘বিভাজন’ (Assam Natya Sanmilan Barpeta road conference)।

আনহাতে জি.এল.চি মহাবিদ্যালয়ত স্থাপিত প্রেক্ষাগৃহত আদৰণি সমিতিয়ে নিবেদন কৰিব নাট ‘‘এক নিলিখা ইতিহাস - থু’’ । নিশা মঞ্চস্থ হ’ব বাংলা নাট ‘ৰক্ত কৰবী’ ৷ 19 জানুৱাৰীৰ দিনা অসম নাট্য সন্মিলনৰ পতাকা উত্তোলন কৰিব সভাপতি কুমাৰ দীপক দাস আৰু আদৰণি সমিতিৰ সভপতি পুলক চৌধুৰীৰ লগতে 59 জন বিশিষ্ট শিল্পী আৰু ব্যক্তিয়ে । প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিব বিটিআৰৰ কাৰ্যবাহী গৌতম দাসে আৰু সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

অধিৱেশনত মঞ্চস্থ হ’বলগীয়া নাটসমূহ হৈছে এটা বায়’পছি ৰিপোৰ্ট, মই টুনীয়ে টুন টুনালোঁ, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চিকিমৰ চফেদ লকিৰ, ইস্‌ ইস্ আস্ আস্‌, ৰংগমঞ্চ, মস্তি কি পাঠশালা 1950, সংগীত নাটক একাডেমীৰ নাট জুপুৰিত জোনাক, বড়ো নাট বায়গ্লিনায় গেৰিবেধনি ছিয়াং, ডিগনিটি অৱ লেবাৰ, জিঘাংসা, ভায়োলিন, ঈশ্বৰৰ সন্ধানত আৰু লভিতা (Drama festival at Barpeta road)।

আদৰণি সমিতিৰ তৰফৰ পৰা বিশিষ্ট নাট্য সংগঠক কৃষ্ণ ৰয়ক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা (Lifetime Achievement Award to Krishna Roy)। লগতে বিশিষ্ট শিল্পী ক্ৰমে মুকুল চন্দ্ৰ গোস্বামী, প্রমোদ ৰয়, মাধৱী বৰুৱা, নাৰায়ন মণ্ডল, খাইৰুল ইছলাম, বীণাপাণি কাকতি, কবিতা বৰগোহাঁই, মানিক সেন, হেমেন দাস, দধিৰাম দাস, চন্দ্ৰ কান্ত দাস, বৰপেটাৰ যতীন দাস, অচ্যুৎ ওজা, বনমালী ডেকা আৰু বিজনীৰ প্ৰদীপ বায়নকো সম্বৰ্ধনা জনোৱা হ’ব ।

আনহাতে কেন্দ্রীয় সমিতিৰ তৰফৰ পৰা জি.এল আগৰৱালা সোঁৱৰণী শিল্পী বঁটা বিশিষ্ট আলোক শিল্পী কল্যান দেৱক আৰু তৰণী কান্ত ৰয় জীৱনজোৰা বঁটা আগবঢ়োৱা হ’ব বলিউডৰ বিশিষ্ট পৰিচালক এম. কে. ৰাইনাক (Lifetime Achievement Award to MK Raina) । তদুপৰি কেন্দ্ৰীয়ভাৱে সম্বৰ্দ্ধনা জনোৱা হ’ব ৰমেশ হালৈ (নলবাৰী), মনোৰঞ্জন শৰ্মা (তিনিচুকীয়া), ভূপেন দাস (তেজপুৰ), ভাবি শ‍ইকীয়া (কলিয়াবৰ), মথুৰা মোহন গোস্বামী (সৰভোগ), প্ৰহাস কুমাৰ ভট্টাচাৰ্য (নলবাৰী) আৰু বৰপেটাৰোডৰ পুতুলী দাসক ।

অধিৱেশনৰ লগত সংগতি ৰাখি একক অভিনয় মুকাভিনয়, পাণ্ডুলিপি প্রতিযোগিতা, চিত্রাংকন প্রতিযোগিতা আৰু আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত হ’ব । তদুপৰি প্ৰতিদিনে নিশা থাকিব সাংস্কৃতিক অনুষ্ঠান ৷ অধিৱেশনৰ লগত সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ’ব । অধিৱেশনৰ বিভিন্ন কাৰ্যসূচী সমূহ বিশিষ্ট শিল্পী আৰু বিশিষ্ট ব্যক্তিৰ দ্বাৰা উন্মোচন কৰাৰ লগতে মুকলি সভাত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু বিমল বড়া, বিটি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়ো উপস্থিত থাকিব । অধিৱেশন উপলক্ষে এখনি গ্ৰন্থমেলা আৰু বাণিজ্যমেলা 16 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ অনুষ্ঠিত হ’ব । অধিৱেশনৰ সমূহ কাৰ্যসূচীতে নাট্যপ্রেমী দর্শকৰ লগতে ৰাইজৰ উপস্থিতি কামনা কৰিছে আদৰণি সমিতিয়ে ।

লগতে পঢ়ক: International Theater Festival: কোকৰাঝাৰত দেশ বিদেশৰ বহুকেইটা প্ৰখ্যাত নাট্য দলে পাতিব নাটকৰ মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.