ETV Bharat / state

বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন

author img

By

Published : Oct 5, 2022, 10:40 AM IST

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী(Birth Anniversary of Srimanta Sankardev) ৷ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰ ৷

574th Birth Anniversary of srimanta sankardev
বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন

বৰপেটা, ৫ অক্টোবৰ: বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিওজনা গুৰুৰ মিলনভূমি সত্ৰনগৰী বৰপেটা জিলাৰ প্ৰায়বোৰ সত্ৰ-নামঘৰতে আজি অৰ্থাৎ বুধবাৰে সত্ৰীয়া ৰীতি পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন কৰা হয়(574th Birth anniversary of Srimanata Sankardev) ৷ বৰপেটা সত্ৰতো সত্ৰীয় ৰীতি পৰম্পৰা অনুসৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ (Sankardeva birth anniversary celebrations) ৷

আজি পুৱাৰে পৰা বৰপেটা সত্ৰ প্ৰাংগন হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰা পৰিলক্ষিত হয় ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা গুৰুজনাৰ জন্মোৎসৱত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকো উপস্থিত থাকে ৷ সত্ৰনগৰীৰ ভকত বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃ সকলো সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে ৷

বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন

ইফালে ঐতিহ্যমণ্ডিত আদি থান চিনপৰা ভিঠি থানতো তিনিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷ ইয়াৰ লগতে বৰপেটাৰোড শাখা সত্ৰ, পাটবাউসী সত্ৰ, গজিয়া সত্ৰ, জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ, গোমূৰা সত্ৰ, চেঙাৰ ভৰি ধুৱা ঘাটসত্ৰ আদিতো গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ৰ পূজা মণ্ডপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.