বজালীত 20 টা প্ৰকল্পৰ বাবে 290 বিঘা ভূমি আবন্টন: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

author img

By

Published : Sep 6, 2021, 7:47 PM IST

290-bighas-of-land-alloted-for-20-projects-in-bajali-district-minister-ranjit-das

নৱ গঠিত বজালী জিলাক পুৰ্ণাংগ ৰূপ দিয়াৰ লক্ষ্যৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ সোমবাৰে বজালী জিলা কাৰ্যালয়ৰ সন্মুখৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মন্ত্ৰী গৰাকীয়ে মুকলি কৰে "আমাৰ বাগিচা আমাৰ ফুলনি" শীৰ্ষক বিশেষ আঁচনি ৷ লগতে ঘোষণা কৰে কেইবাটাও বৃহৎ প্ৰকল্পৰ কথা ৷

পাঠশালা,6 ছেপ্টেম্বৰ: বজালী জিলাক পূৰ্ণাংগ ৰূপ দিয়াৰ লক্ষ্যৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গ্ৰহণ কৰিছে বিশেষ উদ্যোগ ৷ ইয়াৰ অংশ স্বৰূপে সোমবাৰে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এমজিএনৰেগাত অন্তর্ভুক্ত কৰি আমাৰ বাগিচা আমাৰ ফুলনি নামৰ এখন অভিলাষী আঁচনি মুকলি কৰে ৷ বজালী জিলা কাৰ্যালয়ৰ সন্মুখৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এই আঁচনি মুকলি কৰে মন্ত্ৰী গৰাকীয়ে ৷

বজালীত 20 টা প্ৰকল্পৰ বাবে 290 বিঘা ভূমি আবন্টন:মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

উল্লেখ্য যে, বজালী জিলাৰ মাজেৰে যোৱা 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 15 টা স্থানত জিলাখনৰ সৌন্দর্যবৰ্ধনৰ বাবে এই আঁচনি লোৱা বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত ঘোষণা কৰিছে ৷ বজালী জিলা পূৰ্ণ পৰ্যায়ৰ জিলা ৰূপে গঠন কৰাত বিশেষ উদ্যোগ গ্ৰহণ কৰা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস সোমবাৰে বজালী জিলা কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়া সকলৰ সতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় ৷ লগতে জিলাখনত সংস্থাপন হ'বলগীয়া বিভিন্ন কাৰ্যালয় তথা প্ৰকল্পৰ বাবে চৰকাৰী ভূমি আৱন্টনৰ বিষয়ে আলোচনা কৰে ৷

উক্ত আলোচনাৰ অন্তত অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত ঘোষণা কৰে যে, জিলাখনৰ 20 টা প্ৰকল্পৰ বাবে 290 বিঘা মাটি আৱন্টন দিয়া হৈছে ৷ লগতে জিলাখনক ন-ৰূপ দিয়াৰ বাবে আন কেইবাখনো আঁচনি হাতত লোৱাৰ কথা জনালে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ অখিলে দিনত এটা কথা কয় আৰু ৰাতি এটা কথা কয় : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.