ETV Bharat / state

হত্যাৰ অভিযোগত হিন্দু সুৰক্ষা সেনাৰ তিনিজনক গ্ৰেপ্তাৰ

author img

By

Published : Apr 23, 2020, 3:44 PM IST

গণ প্ৰহাৰ কৰি হত্যা কৰিছিল বাক্সাৰ শিমলাগুৰী আঠিয়াবাৰী গাঁৱৰ বিশ্বজিৎ দাস আৰু হাৰাধন দাস উৰফে হেবা নামৰ দুই ভাই-ককাইক । মঙলবাৰে কাৰাগাৰৰ পৰা মুকলি হৈ নিজ ঘৰলৈ আহিছিল দুয়োজন । গাঁৱত আহি পিচদিনা পুৱাই বলি হ'ল গণৰোষৰ ।

হত্যাকাণ্ডত জড়িত হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সহ দুজনক গ্ৰেপ্তাৰ
হত্যাকাণ্ডত জড়িত হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সহ দুজনক গ্ৰেপ্তাৰ

বাক্সা, 23 এপ্ৰিলঃ বৰপেটাৰোডৰ সমীপৱৰ্তী বাক্সাৰ শিমলাগুৰী আঠিয়াবাৰী গাঁৱৰ বিশ্বজিৎ দাস আৰু হাৰাধন দাস উৰফে হেবা নামৰ দুই ভাই ককাইক হত্যাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন লোকক । জঘন্য হত্যাকাণ্ডটোৰ লগত জড়িত আঠিয়াবাৰী গাঁৱৰ কাঞ্চন দেৱনাথ আৰু ভোলা চাহানিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা কাঞ্চন দেৱনাথ নামৰ লোকজন সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৷

গ্ৰেপ্তাৰ কৰা যুৱক দুজন...

উল্লেখ্য যে, বুধবাৰে পুৱা আঠমান বজাত গাঁওখনৰে একাংশ লোকে মৰিয়াই মৰিয়াই প্ৰহাৰ কৰাৰ লগতে চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাতেৰে ক্ষত বিক্ষত কৰি অতি নিৰ্মমভাৱে হত্যা কৰিছিল বিশ্বজিৎ দাস আৰু হাৰাধন দাস নামৰ দুজন ভাই-ককাইক । লগতে ভাতৃদ্বয়ৰ মাতৃ সুভদ্ৰা দাস আৰু নিহত বিশ্বজিত দাসৰ পত্নী প্ৰিয়ংকা দাসকো প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল ৷ গুৰুতৰভাৱে আহত মহিলা দুগৰাকীক ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁলোকৰ শাৰীৰিক অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছিল ৷

লগতে পঢ়কঃ বৰপেটাৰোডত ভয়ংকৰ ঘটনাঃ চোতালতেই হানি খুচি হত্যা দুজনক

নিৰ্মমভাৱে হত্যা কৰা বিশ্বজিত দাস আৰু হাৰাধন দাস ওৰফে হেবাৰ বিৰুদ্ধে আঠিয়বাৰী গাঁৱত ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ তুলি গাঁওবাসীয়ে সৰভোগৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াৰ পাচত বাক্সা আৰক্ষীয়ে বিশ্বজিত দাস আৰু হাৰাধন দাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ কৰ’ণা ভাইৰাছৰ বাবে লক ডাউন চলি থকাত জেল কৰ্তৃপক্ষই দুয়োকে মঙলবাৰে মুকলি কৰি কৰি দিয়াত দুই ভাতৃয়ে সেইদিনা নিশাই আঠিয়াবাৰীৰ নিজ গৃহত উপস্থিত হৈছিল ৷ বুধবাৰে পুৱা গাঁৱৰ একাংশ উত্তেজিত লোকে দুই ভাতৃক প্ৰত্যক্ষ কৰি লাঠি দা ডেগাৰ আদি চোকা অস্ত্ৰৰে নিজ চোতালতেই নিৰ্মমভাৱে হত্যা কৰি পেলাই থৈছিল ৷

লগতে পঢ়কঃ দৰঙৰ ছিপাঝাৰত উত্তেজনা,আৰক্ষীৰ শূণ্যলৈ গুলিচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.