ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 25, 2022, 9:12 AM IST

Top 10 at 9 AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

CAG Report on NRC: কেগৰ প্ৰতিবেদনত এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা সদনত উত্থাপিত হয় ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্ৰতিবেদন (CAG report on NRC)। প্ৰতিবেদনত এন আৰ চিৰ বহু বিসংগতিৰ লগতে বৃহৎ কেলেংকাৰীৰ তথ্য উন্মোচিত হয় । বিৰোধীয়ে দাবী কৰে চি বি আই তদন্ত ।

Akhil Gogoi react on Syndicate: মুখ্যমন্ত্রীৰ পৃষ্ঠপোষকতাত অসমত ভয়াৱহ ছিণ্ডিকেট চলি আছে: অখিল গগৈ

হাতত প্লে কাৰ্ড আৰু দাবী সম্বলিত টি-চাৰ্ট পৰিধান কৰি বিধানসভা চৌহদত ছিণ্ডিকেটৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ প্ৰতিবাদ(Akhil Gogoi protest at assam legislative assembly) । চুপাৰী, কয়লা ছিণ্ডিকেটৰ দ্বাৰা চৰকাৰৰ টকা সংগ্ৰহৰ অভিযোগ গগৈৰ ৷ মুখ্যমন্ত্রীৰ পৃষ্ঠপোষকতাত কেইজনমান মন্ত্রী আৰু বিধায়কে এই ছিণ্ডিকেট চলাই থকাৰ অভিযোগ গগৈৰ ।

Assam Sahitya Sabhas controversy : অসম সংগীত পৰিৱেশনত লাগিল খেলিমেলি

আকৌ বিতৰ্কৰ মাজত অসম সাহিত্য সভা (Asam Sahitya Sabhais controversy)৷ শনিবাৰে নতুন সভাপতি-সম্পাদকৰ নাম ঘোষণা কৰাৰ পিছতেই অসম সাহিত্য সভা সোমাই পৰিল পুনৰ বিতৰ্কৰ মাজত ৷ ভুলে শুদ্ধই গালে অসমৰ জাতীয় সংগীত (Incorrectly sang Assamese anthem) ৷

Congress Bharat Jodo Yatra: ৰাহুল গান্ধীৰ সমৰ্থনত কামাল হাছান

ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ই দিল্লীত বিপুল সমৰ্থন লাভ কৰিছে । চলচ্চিত্ৰ ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকলেও সমৰ্থন আগবঢ়াইছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত ৷ এইবাৰ অভিনেতা আৰু দক্ষিণৰ চুপাৰষ্টাৰ কামাল হাছানে সমৰ্থন আগবঢ়াইছে ভাৰত জোড়ো যাত্ৰাত(Actor Kamal Haasan joins Bharat Jodo Yatra with Rahul Gandhi) ৷

No Christmas celebration: ভাৰতৰ এটা বিশেষ গীৰ্জা, য’ত পালন কৰা নহয় বৰদিন ৷ কিন্তু কিয় ?

বৰদিনক লৈ সমগ্ৰ বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত বিৰাজ কৰিছে ব্যাপক উচাহ-উদ্দীপনাই ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতৰ এটা গীৰ্জাত পালন কৰা নহয় বৰদিন ৷ জানক বৰদিন পালন নকৰাৰ কাৰণ সম্পৰ্কে সবিশেষ ৷

Assam CM at at Bindhakata : সোণোৱালে পঢ়া স্কুললৈ মুখ্যমন্ত্ৰী শৰ্মাৰ 3 কোটি

‘‘বিন্ধাকটা অঞ্চলৰ সু-সন্তান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ চাবুৱাৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত আবেগ জড়িত হৈ আছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ ৷’’ শনিবাৰে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM at at Bindhakata) ৷

Railway Eviction Notice: ৰে’ল বিভাগৰ উচ্ছেদৰ জাননীক লৈ ডিফুত তীব্ৰ প্ৰতিক্ৰিয়া

ডিফুৰ এক বৃহত্তৰ এলেকাত ৰেʼল বিভাগে উচ্ছেদৰ জাননী(Eviction notice by railway) জাৰি কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ উচ্ছেদৰ বাবে জাননী লাভ কৰা আৱাসীসকলে এয়া বিভাগৰ ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰিছে ৷ এই বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শনিবাৰে এক সংবাদমেল আয়োজন কৰে আৱাসীসকলে ৷

Most trolled celebrities: 2022 বৰ্ষত ছ’চিয়েল মিডিয়াত সৰ্বাধিক ট্ৰ’ল খোৱা বলীউড তাৰকাসকল

বছৰটো শেষ হ’বলৈ আৰু মাত্ৰ কেইটামান দিন বাকী ৷ 2022 বছৰটো বলীউড জগতখনৰ বাবে বহু উত্থান-পতনৰে ভৰপূৰ হিচাপে পৰিগণিত হৈছে ৷ এই খণ্ডত আপোনালোকলৈ আগবঢ়াইছো সেইসকল বলীউড তাৰকাৰ বিষয়ে যিয়ে এই বছৰটোত ছ’চিয়েল মিডিয়াত অধিক পৰিমাণে ট্ৰ’লৰ মুখামুখি হৈছে (Most Trolled Celebs in 2022) ৷

Sensational murder at Sapekhati: কন্যাক ৰক্ষা কৰিবলৈ গৈ দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু পিতৃৰ

এগৰাকী ব্যক্তিৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে চৰাইদেউৰ সাপেখাতী(Sensational murder at Sapekhati) ৷ নিজ কন্যাক দুৰ্বৃত্তৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ গৈ দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হ’ল পিতৃৰ ৷ চৰাইদেউৰ সাপেখাতীৰ শালকাঠনী চাহ বাগিচাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড ৷

Santosh Trophy 2022: কোকৰাঝাৰত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

অহা ২৮ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ কোকৰাঝাৰত অনুষ্ঠিত হ'ব ৭৬ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ গ্ৰূপ ৩ ৰ খেল(76th Santosh Trophy at Kokrazar)। উক্ত প্ৰতিযোগিতাত ঘৰুৱা দল অসমৰ উপৰি অৰুণাচল প্ৰদেশ,তামিলনাডু, গোৱা, নাগালেণ্ড আৰু উত্তৰ প্ৰদেশে অংশগ্ৰহণ কৰিব কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.