ETV Bharat / state

Raslila at Tihu: টিহু বাৰোৱাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

author img

By

Published : Nov 2, 2022, 1:56 PM IST

অহা ৭ নৱেম্বৰৰ পৰা ১১ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব টিহু বাৰোৱাৰী ৰাস মহোৎসৱ (Tihu Barowari Ras Mahotsav) অনুষ্ঠিত হ'ব । এই সন্দৰ্ভত মহোৎসৱৰ কাৰ্যসূচী সম্পৰ্কে সদৰি কৰিছে ৰাস মহোৎসৱ সমিতিয়ে । ইপিনে, ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি উন্মোচন কৰা হ'ব মূৰুলী নামৰ মুখপত্ৰখন ।

Raslila at Tihu
টিহু বাৰোৱাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

বাক্সা, ২ নৱেম্বৰ: ৭০ সংখ্যক টিহু বাৰোৱাৰী ৰাস মহোৎসৱ সমিতিয়ে মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাস মহোৎসৱৰ কাৰ্যসূচী মুকলি কৰে (Press meet of Tihu Barowari Ras Samiti)। সমিতিৰ বিষয়ববীয়াসকলে সদৰি কৰা মতে, অহা ৭ নৱেম্বৰৰ পৰা ১১ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব ।

কাৰ্যক্ৰমণিকা অনুসৰি অহা ৭ নৱেম্বৰৰ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ কৰা হ'ব (Preparation of Tihu Barowari Ras) । ইপিনে,বিয়লি ৪ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ শৰ্মাই (Chairman of Pollution Control Board)। আবেলি ৫ বজাত ৰাস মহোৎসৱ উদ্বোধন কৰিব কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Kumar Das)। ইয়াৰ পিছতে মণ্ডপত বন্তি প্ৰজ্বলন কৰিব অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে ।

টিহু বাৰোৱাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

আনহাতে, প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰিব কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰাই । তদুপৰি বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰিব মোজামিল হ'কে । সন্ধিয়া ৬ বজাত টিহু বাৰোৱাৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি শংকৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত অংশগ্ৰহণ কৰিব ৰাজহ মন্ত্ৰী যোগেন মহন, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক পদ্ম হাজৰিকা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰাংহাং, বানী কলিতা আৰু আধ্যাত্মিক গীতা সত্ৰৰ আচাৰ্য মথুৰামোহন তালুকদাৰে । উক্ত সভাত ৰাস মহোৎসৱৰ মুখপত্ৰ 'মূৰুলী' উন্মোচন কৰিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড৹ বিনীতা বৰা চৌধুৰীয়ে (Bhattadeva University) । ইপিনে, নিশা পূজা-অৰ্চনাৰ লগতে বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব ।

অহা ৮ নৱেম্বৰত জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । তদুপৰি ওজাপালি, কণকণ ছাত্ৰ-ছাত্ৰীৰ সংগীতানুষ্ঠানৰ লগতে নিশা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে । আনহাতে, ৯ নৱেম্বৰত ওজাপালি,সংগীতানুষ্ঠান পৰিৱেশন কৰা হ'ব । সমিতিৰ বিষয়ববীয়াসকলে সদৰি কৰা মতে, ১০ নৱেম্বৰত ওজাপালি, সংগীতানুষ্ঠান পৰিৱেশন কৰা হ'ব । অহা ১১ নৱেম্বৰত ঢুলীয়া প্ৰদৰ্শন, সংগীতানুষ্ঠান, নিশা ঢুলীয়া দলে অভিশাপ নাট প্ৰদৰ্শন কৰিব । ১২ নবেম্বৰ শনিবাৰে ঢুলীয়া প্ৰদৰ্শন, সংগীতানুষ্ঠান আৰু আধুনিক একক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

ইপিনে, ১৩ নৱেম্বৰত পুৱা চিত্ৰাংকণ, ৰচনা আৰু কবিতা আবৃত্তি ,দুপৰীয়া আয়তী নাম প্ৰতিযোগিতা, বিয়লি দলীয় বিয়াগীত প্ৰতিযোগিতাৰ উপৰি সন্ধিয়া শৰতৰ পদূলিত কবিতাৰ গধূলি আৰু নিশা নাট প্ৰদৰ্শন কৰা হ'ব । ১৪ নৱেম্বৰত বিয়লি কণকণ ছাত্ৰ-ছাত্ৰীৰ সংগীতানুষ্ঠান,১৫ নৱেম্বৰত সন্ধিয়া মুকলি কুইজ প্ৰতিযোগিতাৰ লগতে নিশা চতিয়া কেন্দ্ৰীয় ভাওনা দলে মহিলা ভাওনা প্ৰদৰ্শন কৰিব বুলি উদ্য়োক্তাসকলে সদৰি কৰিছে । আনহাতে, ১৭ নৱেম্বৰত বিয়লি সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান, সন্ধিয়া ছাত্ৰ-ছাত্ৰীৰ সংগীতানুষ্ঠান, নিশা অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত অৰ্পণা চেত্ৰী আৰু নিয়ৰ বিকাশে অনুষ্ঠান পৰিৱেশন কৰিব বুলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি শংকৰ কুমাৰ দাসে সংবাদমেলত কয় ৷

লগতে পঢ়ক:Raas mahotshav 2022: কামপুৰৰ গাৰোখুন্দাত ৰাসৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.