ETV Bharat / state

শালবাৰীত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jul 19, 2021, 9:58 PM IST

Updated : Jul 22, 2021, 4:39 PM IST

সোমবাৰে বাক্সাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৰাইজৰ মাজত ৷ দেওবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী ৷

teenager deadbody recover in baksha
বাক্সাৰ শালবাৰীত বোৱতী সুঁতিত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

বাক্সা, ১৯ জুলাই : বাক্সাৰ শালবাৰীৰ আওহাটাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘৰৰ সমীপৰে এটা বোৱতী সুঁতিত উদ্ধাৰ হয় ১৫ বছৰীয়া কিশোৰী গৰাকীৰ মৃতদেহ । দেওবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী ৷

স্থানীয় লোকে সদৰী কৰা মতে, সন্ধানহীন হোৱাৰ পূৰ্বৰে পৰা কিশোৰীগৰাকীৰ ঘৰত নাছিল কোনো লোক । পিতৃহাৰা কিশোৰী গৰাকীৰ মাতৃ আৰু ভনীয়েক সেই সময়ত মোমায়েকৰ ঘৰত আছিল ৷ দেওবাৰে দিনটোত কিশোৰীগৰাকী ঘৰত অকলশৰে আছিল ৷ উল্লেখ্য যে, দশম শ্ৰেণীত পঢ়ি থকা কিশোৰী গৰাকীৰ নাম চুমি নাথ ৷

শালবাৰীত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

আবেলিপৰত মোমায়েকৰ ঘৰৰ পৰা উভতি আহি মাক আৰু ভনীয়েকে কিশোৰীগৰাকীক ঘৰত লগত পোৱা নাছিল ৷ সন্ধিয়া পৰলৈ কিশোৰীগৰাকী ঘৰলৈ উভতি নহাত সন্দেহ হৈছিল মাক-ভনীয়েকৰ ৷ পৰৱৰ্তী সময়ৰ বিচাৰ-খোঁচাৰ কৰিছিল যদিও কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰা নাছিল ৷

অৱশেষত সোমবাৰে দিনৰ ভাগত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কোনো দুষ্ট প্ৰকৃতিৰ লোকে কিশোৰীগৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ দণ্ডাধীশ-আৰক্ষীৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: সান্ধ্য আইন উলংঘা কৰি গ্ৰেপ্তাৰ 8 জন

Last Updated : Jul 22, 2021, 4:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.